Suicide in Guwahati: মহানগৰীত অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ আত্মহত্যা

By

Published : May 7, 2023, 1:50 PM IST

thumbnail

গুৱাহাটী,৭ মে’: মহানগৰীত পুনৰ সংঘটিত হৈছে আত্মহত্যাৰ ঘটনা ৷ গুৱাহাটী মহানগৰীৰ পূব জ্যোতি নগৰ অঞ্চলত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ এগৰাকী অৱসৰপ্ৰাপ্ত DSP এ বাচি ল’লে আত্মহননৰ পথ (Retired Police Officer committed suicide) ৷  

জানিব পৰা মতে নুনমাটি থানা এলেকাৰ পূব জ্যোতিনগৰৰ হালধী মিলৰ সমীপৰ নিবাসী তথা প্ৰাক্তন DSP প্ৰদীপ বৰুৱাই ঘৰৰ বেলকনিত ডিঙিত চিপ লগাই আত্মহত্যা কৰে ৷ দেওবাৰে পুৱা অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ ওলমি থকা মৃতদেহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে (Retired DSP committed suicide in Guwahati)

ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে খবৰ দিয়ে নুনমাটি থানাত ৷ পিছত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ নিৰাপত্তা শাখাৰ DSP প্ৰদীপ বৰুৱাই অলপতে অৱসৰ গ্ৰহণ কৰিছিল ৷ জানিব পৰা মতে বিভিন্ন ৰোগত আক্ৰান্ত হৈ আৰক্ষী বিষয়াগৰাকীয়ে মানসিকভাৱে ভাগি পাৰিছিল ৷ এনে কাৰণতে প্ৰাক্তন DSP গৰাকীয়ে আত্মহত্যাৰ দৰে পথ বাচি লোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে (Suicide case in Guwahati) ৷

লগতে পঢ়ক: Fire in Goalpara : গোৱালপাৰাত জীৱন্তে অগ্নিদগ্ধ হ’ল 7 বছৰীয়া নাবালক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.