Raijor dal submits memorandum to EC:নিৰ্বাচনী আয়োগক স্মাৰক পত্ৰ প্ৰদান ৰাইজৰ দলৰ

By

Published : Jul 20, 2023, 10:59 PM IST

thumbnail

গুৱাহাটী, 20 জুলাই : সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত নিৰ্বাচন আয়োগৰ বৃহস্পতিবাৰে দ্বিতীয় দিনাৰ শুনানিত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ কয়- সমষ্টি নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটো অসাংবিধানিক । সমষ্টি পুনৰ নিৰ্ধাৰণ কেনকৈ হ’ব লাগে লিখা আছে সংবিধানৰ ৮১ নং অনুচ্ছেদত ৷ এই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে নিৰ্বাচনী আয়োগে মৌন হৈ থাকিল ভাৰতীয় নিৰ্বাচনী আয়োগ ।

নিৰ্বাচনী আয়োগে বিজেপিৰ মতে খচৰা প্ৰস্তুত কৰা কথাটো খাটাং হৈ পৰিল । ৰাষ্ট্ৰপতিয়ে ২০০৮ চনত গেজেট নটিফিকেচনৰ জৰিয়তে ৰাষ্ট্ৰীয় সমষ্টি পুনৰ নিৰ্ধাৰণ বন্ধ কৰি দিছিল ।‌ ২০০৮ চনত ৰাষ্ট্ৰপতিয়ে কোৱাৰ দৰে এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত জনগোষ্ঠীসমূহৰ মাজত বিচ্ছিন্নতাবাদী মনোভাৱ গা কৰি উঠিব । শেহতীয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটোত প্ৰতিটো খিলঞ্জীয়া জাতি জনগোষ্ঠী অসন্তুষ্ট হৈ পৰিছে ।

ৰাইজৰ দলে ১৪ টা বিষয়ক লৈ স্মাৰক প্ৰত্ৰ প্ৰদান কৰিলে নিৰ্বাচনী আয়োগক । সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত উজনি অসমৰ আহোম, চাহ জনগোষ্ঠী, ঠেঙাল-কছাৰী, দেউৰী, তিৱা, ডিমৰীয়াকে ধৰি সকলো জনগোষ্ঠীক ভাগ ভাগ কৰি দিয়া হৈছে বুলি অভিযোগ তোলে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে । 

লগতে পঢ়ক : Constituency Delimitation: আঙুলিৰ ঠাৰত কোনে, কিয় নাচিছে ; কি ক’লে অখিল গগৈয়ে ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.