ETV Bharat / state

Constituency Delimitation: আঙুলিৰ ঠাৰত কোনে, কিয় নাচিছে ; কি ক’লে অখিল গগৈয়ে ?

author img

By

Published : Jul 16, 2023, 7:40 PM IST

Updated : Jul 16, 2023, 10:51 PM IST

Constituency Delimitation
আঙুলিৰ থাৰত কোনে, কিয় নাচিছে

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰে চৰকাৰে কুটিল ৰাজনীতি কৰাৰ অভিযোগ বিধায়ক আখিল গগৈৰ ৷ ‘‘চৰকাৰে ডিমৌ সমষ্টিৰ নাম কৰিব বিচৰিছে শিৱসাগৰ আৰু শিৱসাগৰ সমষ্টিক আমগুৰি নাম ৰাখিব বিচাৰিছে ৷’’ সংবাদমেলত সৰব হ’ল বিধায়ক আখিল গগৈ ৷

আঙুলিৰ থাৰত কোনে, কিয় নাচিছে !

গুৱাহাটী, ১৬ জুলাই: সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে চৰকাৰে কুটিল ৰাজনীতি কৰাৰ অভিযোগেৰে সৰব হ’ল বিধায়ক অখিল গগৈ ৷ শিৱসাগৰ জিলাক লৈ ৰাজনীতি কৰাৰ অভিযোগ তুলি কেতবোৰ বিস্ফোৰক মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে ৷

‘‘চৰকাৰে ডিমৌ সমষ্টিৰ নাম কৰিব বিচৰিছে শিৱসাগৰ আৰু শিৱসাগৰ সমষ্টিক আমগুৰি নাম ৰাখিব বিচাৰিছে ৷’’ চানমাৰিস্থিত বাসভৱনত দেওবাৰে সংবাদমেল সম্বোধন কৰি এই মন্তব্য বিধায়ক অখিল গগৈৰ । ১৯ জুলাইত সমষ্টি পুনৰ নিৰ্ধাৰণৰ শুনানিৰ বাবে আহিব নিৰ্বাচন আয়োগ ৷ কিন্তু শুনানিৰ পূৰ্বেই মুখ্যমন্ত্ৰীয়ে দিল্লীত বাহৰ পাতি সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা চূড়ান্ত কৰি পেলোৱাৰ অভিযোগ কৰে বিধায়ক গগৈয়ে ৷

‘‘কৌশলেৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰতিলিপি ৰচনা কৰিছে চৰকাৰে । পূৰ্বে আহোমসকলে ১৫টা বিধানসভা সমষ্টিত নিৰ্ণায়ক ভূমিকা লৈছিল, কিন্তু বৰ্তমান ৩ টা সমষ্টিত হে থাকিব আহোমৰ আধিপত্য ৷ শিৱসাগৰ জিলাৰ পূৰ্বৰ ৪টা সমষ্টিৰ ঠাইত বৰ্তমান ৩টা সমষ্টি কৰি দিয়া হ'ল । সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাখন সম্পূৰ্ণৰূপে জাতি জনগোষ্ঠী বিৰোধী ৷ খিলঞ্জীয়া জাতি জনগোষ্ঠীক ক্ষতি কৰিছে এইখন খচৰাই ৷ তিৱা, ৰাভা, কোচ, মিচিং, বিটিএডিৰ বাহিৰৰ বড়ো, গৰিয়া, মৰিয়া, দেশী সকলো ক্ষতিগ্ৰস্ত হৈছে এইখন খচৰাত । মুছলমানৰ সমষ্টি হ্ৰাস কৰি বৃদ্ধি কৰা হৈছে বাংলাভাষী হিন্দু অধ্যুষিত সমষ্টি ৷ হিন্দু বেংগলীক ২৪টা সমষ্টিক নিৰ্ণায়ক ভূমিকা ল'ব পৰাকৈ সুবিধা কৰি দিছে চৰকাৰে ।’’

বিধায়ক গগৈয়ে আৰু কয় ‘‘চৰকাৰৰ মিত্ৰ দল অসম গণ পৰিষদৰ ৮ টা সমষ্টিও বিজেপিয়ে নিজৰ হাতলৈ আনিলে ৷ পুৰণি বিজেপিৰ ১০টা বিধানসভা সমষ্টিতো জন গাঁথনি সালসলনি কৰি দিয়া হ'ল ৷’’ শিৱসাগৰ আৰু আহোমক লৈ চলা কুটিল ৰাজনীতিৰ পাচতো আহোম সংগঠনসমূৰ কিয় নিমাত বুলি সংবাদমেলত প্ৰশ্ন কৰে অখিল গগৈয়ে ৷ বিজেপি আৰএছএছৰৰ বৰ্ণবাদী চিন্তাধাৰাৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তুত কৰা হৈছে বুলি অভিযোগ কৰে বিধায়কগৰাকীয়ে ৷ ‘‘নিৰ্বাচনী আয়োগ গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অশোক সিংহালৰ আঙুলিৰ থাৰত নাছিবলৈ লোৱা কাৰ্য অসাংবিধানিক। এনে অগণতান্ত্ৰিক কামক কেতিয়াও মানি ল’ব নোৱাৰো ।’’

লগতে পঢ়ক:Assam govt debt: ৰাজ্যৰ প্ৰতিগৰাকী নাগৰিকৰ ওপৰত ৪০ হাজাৰ টকা ঋণৰ বোজা

Last Updated :Jul 16, 2023, 10:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.