ETV Bharat / state

Assam govt debt: ৰাজ্যৰ প্ৰতিগৰাকী নাগৰিকৰ ওপৰত ৪০ হাজাৰ টকা ঋণৰ বোজা

author img

By

Published : Jul 16, 2023, 3:00 PM IST

ঋণৰ ওপৰত ঋণ লোৱাত অলপো কৃপণালি নকৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। এতিয়ালৈকে ল’লে ৪৮ হাজাৰ কোটি টকাৰ ঋণ। ৰাজ্যৰ মুঠ ঋণৰ পৰিমাণ ১.৩৮ লাখ কোটি টকালৈ বৃদ্ধি। ২০২৩-২৪ বৰ্ষত ২৫ হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ পৰিকল্পনা চৰকাৰৰ। ভোটৰ স্বাৰ্থত হিতাধিকাৰীমূলক আঁচনি ৰূপায়ণৰ নামত কৰা বিশাল পৰিমাণৰ ব্যয়ৰ জোৰা মাৰিবলৈ চৰকাৰখনে লোৱা ঋণে সৃষ্টি কৰিছে অভিলেখ।

A debt burden of Rs 40000 per citizen of the state
ৰাজ্যৰ প্ৰতিগৰাকী নাগৰিকৰ ওপৰত ৪০ হাজাৰ টকা ঋণৰ বোজা

গুৱাহাটী, ১৬ জুলাই: ঋণ লৈ শাসনভাৰ চলোৱাটো যেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বাবে গৌৰৱৰ বিষয় হৈ পৰিছে। কাৰণ ঋণৰ ওপৰত ঋণ লোৱাত অলপো কৃপণালি নকৰা চৰকাৰখনে কোনো ধৰণৰ সমালোচনাকো ভ্ৰুক্ষেপ নকৰে। নিজা উৎসৰে ৰাজহ বৃদ্ধিত গুৰুত্ব দিয়াৰ বিপৰীতে চৰকাৰখনে মাথো ঋণৰ ওপৰতে ভৰসা কৰি শাসনভাৰ চলাই গৈছে। ভোটৰ স্বাৰ্থত হিতাধিকাৰীমূলক আঁচনি ৰূপায়ণৰ নামত কৰা বিশাল পৰিমাণৰ ব্যয়ৰ জোৰা মাৰিবলৈ চৰকাৰখনে লোৱা ঋণে ইতিমধ্যে অভিলেখ সৃষ্টি কৰিছে।

আনহাতে প্রতি মাহে হাজাৰ হাজাৰ কোটি টকা ঋণ লোৱাৰ ফলত ৰাজ্যবাসীৰ ওপৰত ঋণৰ বোজাৰ পৰিমাণো ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে। বৰ্তমান সময়ত অসমৰ জনমূৰি ঋণৰ পৰিমাণ ৪০ হাজাৰ টকাৰো অধিক। ঋণ লোৱাৰ প্ৰসংগত বহু যুক্তি আগবঢ়োৱা চৰকাৰখনে ৪ জুলাইতো ৰিজাৰ্ভ বেংকৰ জৰিয়তে ১০০০ কোটি টকাৰ ঋণ লৈছে। দহ বছৰৰ বাবে গ্ৰহণ কৰা এই ঋণৰ নামত চৰকাৰখনে ৭.৪৫ শতাংশকৈ সুদ ভৰিব লাগিব। ইতিমধ্যে চলিত বিত্তীয় বৰ্ষৰ প্ৰথম চাৰি মাহতে ৰাজ্য চৰকাৰখনে ৬০০০ কোটি টকাৰ ঋণ লৈছে।

তথ্য অনুসৰি ১১ এপ্ৰিলত ১০০০ কোটি, ২৩ মে'ত ১০০০ কোটি, ১৬ মে'ত ১০০০ কোটি, ৯ মে’ত ১০০০ কোটি আৰু ৬ জুনত ১০০০ কোটি টকাৰ ঋণ লৈছে চৰকাৰখনে। ইয়াকে ধৰি এতিয়ালৈকে ৰাজ্য চৰকাৰখনৰ ঋণৰ পৰিমাণ হৈছেগৈ ১ লাখ ৩৮ হাজাৰ কোটি টকা। লক্ষণীয় বিষয় যে ৰাজ্য চৰকাৰে প্রতি মাহে প্রায় তিনি হাজাৰ কোটি টকাৰো অধিক টকা কৰ্মচাৰীক বেতন প্রদান কৰোতেই ব্যয় কৰে।

আনহাতে ভোটৰ স্বাৰ্থত ৰূপায়ণ কৰা অৰুণোদয় আঁচনিৰ নামত প্রতি মাহে ব্যয় হয় প্ৰায় ৩০০ কোটি টকা। তদুপৰি বিহু নৃত্য আৰু ঢোল বাদনত গীনিজ ৰেকৰ্ড কৰাৰ বাবে চৰকাৰখনে ব্যয় কৰিছে বৃহৎ পৰিমাণৰ পুঁজি। এনেদৰে চমক সৃষ্টিৰ বাবে চৰকাৰখনে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি বুজন পৰিমাণৰ পুঁজি ব্যয় কৰি আহিছে। মূলতঃ হিতাধিকাৰী সৃষ্টি আৰু ভোটৰ অংকত চৰকাৰখনে ৰাজকোষ উদং কৰি আহিছে।

বিগত বিধানসভা নিৰ্বাচনত মহিলাসকলক সন্তুষ্ট কৰিবলৈ মাইক্ৰ'ফাইনেন্সৰ ঋণ আদায় দিয়াৰ বাবে কৰা প্ৰতিশ্ৰুতি পূৰণতো দুটা বছৰত চৰকাৰখনে ব্যয় কৰিছে কেইবা হাজাৰ কোটি টকা। এনেদৰে পুঁজি ব্যয় কৰাৰ ফলস্বৰূপে চৰকাৰখনে এতিয়া প্রতি মাহে ঋণ ল’বলৈ বাধ্য হৈ পৰিছে। তথ্য অনুসৰি ড° হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাচত তেওঁৰ দুবছৰ চাৰিমহীয়া কার্যকালত লোৱা ঋণৰ পৰিমাণ ৪৮ হাজাৰ কোটি টকা হৈছেগৈ।

ইয়াৰ বিপৰীতে স্বাধীনতাৰ পিচৰে পৰা তৰুণ গগৈৰ চৰকাৰৰ শেষৰ বছৰলৈকে অসমৰ ঋণৰ পৰিমাণ আছিল ৪১,৯৬৪ কোটি টকা। আনহাতে সৰ্বানন্দ সোণোৱাল চৰকাৰে পাঁচ বছৰত লৈছিল ৪৮,৮০১ কোটি টকা। এতিয়া মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ঋণ লোৱাৰ ক্ষেত্ৰত পূৰ্বৰ সকলোবোৰ অভিলেখ ভংগ কৰিছে।

জানিব পৰা মতে চলিত বিত্তীয় বৰ্ষত অর্থাৎ ২০২৩-২৪ বৰ্ষত চৰকাৰখনে ২৫ হাজাৰ কোটি টকা ঋণ লোৱাৰ লক্ষ্য স্থিৰ কৰিছে। লক্ষণীয় বিষয় যে প্রতি মাহে লোৱা বৃহৎ পৰিমাণৰ ঋণ কিন্তু উৎপানমূলক কামত ব্যয় হোৱা নাই। যাৰ বাবে অদূৰ ভৱিষ্যতে ৰাজ্যখনে ভয়াৱহ সংকটৰ সন্মুখীন হ'ব। সেই কথা ইতিমধ্যে 'কেগ'ৰ প্ৰতিবেদনতো আঙুলিয়াই দিয়া হৈছে।

এটা কথা স্পষ্ট যে ঋণৰ আশ্ৰয় নল’লে চৰকাৰখনে এটা মাহো বিত্তীয় সুস্থিৰতা বজাই ৰাখিব পৰা নাই। যিমানেই হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি পাইছে সিমানেই চৰকাৰে ঋণ লোৱাৰ লগতে কৰৰ বোজা জনতাৰ ওপৰত জাপি দিছে।

লগতে পঢ়ক: AAMSU Protest Meeting : "হিমন্ত বিশ্ব শৰ্মাই 25 বাৰ মুখ্যমন্ত্ৰী হ‘লেও মিঞা জনগোষ্ঠীক ক্লীন কৰিব নোৱাৰে"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.