ETV Bharat / state

AAMSU Protest Meeting : "হিমন্ত বিশ্ব শৰ্মাই 25 বাৰ মুখ্যমন্ত্ৰী হ‘লেও মিঞা জনগোষ্ঠীক ক্লীন কৰিব নোৱাৰে"

author img

By

Published : Jul 15, 2023, 10:31 PM IST

Aamsu Protibadi Jonosobha at Kalgachia
হিমন্ত বিশ্ব শৰ্মাই 25 বাৰ মুখ্যমন্ত্ৰী হ‘লেও মিঞা জনগোষ্ঠীক ক্লীন কৰিব নোৱাৰে

"মই মুখ্যমন্ত্ৰী ক’ব বিচাৰিছো যে এইসকল অসমৰে লোক হয়, অসমৰে ভূমিপুত্ৰ হয়, অসমৰে কৃষক হয় ৷ হিমন্ত বিশ্ব শৰ্মাই 25 বাৰ মুখ্যমন্ত্ৰী হ‘লেও মিঞা জনগোষ্ঠীক ক্লীন কৰিব নোৱাৰে ৷"- আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ

হিমন্ত বিশ্ব শৰ্মাই 25 বাৰ মুখ্যমন্ত্ৰী হ‘লেও মিঞা জনগোষ্ঠীক ক্লীন কৰিব নোৱাৰে

জনিয়া, 15 জুন : "আমি সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ বিৰোধিতা কৰিছো কাৰণ ই অসমৰ অন্যান্য জাতি জনগোষ্ঠীৰ লগতে সংখ্যালঘুসকলক ৰাজনৈতিকভাৱে শেষ কৰিবলৈ বিচাৰিছে ৷ এই প্ৰতিবাদী জনসভাৰ পৰা আমি ৰাইজৰ মাজত খচৰাখনৰ সন্দৰ্ভত সজাগতা সৃষ্টি কৰি আহিছো ৷ অহা 29 জুলাই তাৰিখে দিল্লীতো আমাৰ আন্দোলনৰ কাৰ্যসূচী আছে ৷ এই সমগ্ৰ প্ৰক্ৰিয়াটো অসাংবিধানিকভাৱে, অবৈধভাৱে কৰা হৈছে ৷ হিমন্ত বিশ্ব শৰ্মাই নিজৰ গাদী সুৰক্ষা কৰাৰ লগতে সোঁৱে-বাওঁৱে থকা লোকসকলৰ স্বাৰ্থত খচৰা প্ৰস্তুত কৰিছে ৷ এই খচৰা প্ৰস্তুত কৰাৰ সময়ত তেওঁলোকে ভৌগোলিক সীমা চোৱা নাই ৷ সাম্প্ৰদায়িক বিষবাষ্প আৰু বৰ্ণবাদেৰে এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তুত কৰিছে ৷" আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে এই মন্তব্য প্ৰকাশ কৰিছে ৷

সৰকাৰে লগতে কয়, "মই মুখ্যমন্ত্ৰী ক’ব বিচাৰিছো যে এইসকল অসমৰে লোক হয়, অসমৰে ভূমিপুত্ৰ হয়, অসমৰে কৃষক হয় ৷ হিমন্ত বিশ্ব শৰ্মাই 25 বাৰ মুখ্যমন্ত্ৰী হ’লেও মিঞা জনগোষ্ঠীক ক্লীন কৰিব নোৱাৰে ৷ এইসকল ভাৰতীয় নাগৰিক আৰু ভাৰতীয় নাগৰিকক কোনেও ক্লীন কৰিব নোৱাৰে ৷ আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছো যে এনেকুৱা বক্তব্যৰে অসমখনত ঘৃণাৰ সৃষ্টি নকৰিব, মুখ্যমন্ত্ৰীয়ে যিমানেই ঘৃণাৰ দোকান খুলিব, সংখ্যালঘু লোকসকলে সিমানেই মৰমৰ দোকান খুলিব, মৰম বিলাব ৷ মই সংখ্যালঘু লোকসকলক আহ্বান জনাইছো যে আপোনালোকে সতি-সন্ততিসকলক ট্ৰাক ড্ৰাইভাৰ, ঠেলাৱালা, ৰিক্সাৱালা নবনাই আই এ এছ, আই পি এছ, পাইলট, ক্ৰীড়াজগতত পাৰ্গত কৰি মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দিব পৰাকৈ গুৱাহাটীলৈ পঠিৱাওক ৷"

শনিবাৰে কলগাছিয়াৰ টি এন ডি বজাৰত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ কলগাছিয়া জিলা সমিতিৰ উদ্যোগত অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰি এক বিশাল প্ৰতিবাদী জনসভা আয়োজন কৰে ৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী অশোক সিংহলৰ ঘৰত বহি নিৰ্বাচন আয়োগক ব্যৱহাৰ কৰি যি খচৰা প্ৰস্তুত কৰিছে তাৰ জৰিয়তে অসমৰ সংখ্যালঘু সমাজক শেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে বুলি ক্ষোভ উজাৰে সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক: Price Hike in Assam: ছিণ্ডিকেট বন্ধ কৰিলেই দামবৃদ্ধি নিয়ন্ত্ৰণ হ’ব; মুখ্যমন্ত্ৰীলৈ ভূপেন বৰাৰ পৰামৰ্শ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.