Python rescue : কলগাছিয়াৰ বলাইপাথাৰত উদ্ধাৰ প্ৰকাণ্ড অজগৰ

By

Published : Oct 29, 2022, 11:51 AM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বলাইপাথাৰ গাঁৱত শনিবাৰে পুৱাই এটা প্ৰকাণ্ড অজগৰ উদ্ধাৰ হয় (Python rescued in Barpeta)। অজগৰ উদ্ধাৰক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি হয় । জানিব পৰা মতে বলাইপাথাৰ গাঁৱৰ জয়নাল আবেদিনৰ ঘৰৰ পিছফালে থকা জালত লাগি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰে অজগৰটো । লগে লগে গাঁৱৰ ৰাইজে বৰপেটা ৰোড বন বিভাগক অৱগত কৰে (Public rescued python)। প্ৰায় ৯ ফুট দৈৰ্ঘ্যৰ অজগৰটোৰ ওজন প্ৰায় ১৫ কেজি হ'ব বুলি জানিব পৰা গৈছে । অজগৰটো কোনো স্থানৰ পৰা বানপানীত উটি অহা বুলি সন্দেহ কৰিছে ৰাইজে ।

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.