New Constituency in Dibrugarh : মৰাণ সমষ্টিৰ নাম খোৱাং কৰাৰ প্ৰস্তাৱত উৎফুল্লিত ৰাইজ

By

Published : Jul 13, 2023, 2:04 PM IST

thumbnail

মৰাণ, ১৩ জুলাই:সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা নিবাৰ্চন আয়োগে প্ৰকাশ কৰাৰ পাছতে ৰাজ্যত আৰম্ভ হৈছে তীব্ৰ প্ৰতিবাদ । সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ৰাজ্যত প্ৰতিবাদ অব্যাহত থকা সময়তে ৰাজ্য চৰকাৰে খচৰাৰ সংশোধন বিচাৰি কেন্দ্ৰীয় নিৰ্বাচন আয়োগলৈ দুই লোকসভা আৰু ১০ বিধানসভা সমষ্টিৰ নাম সলনিৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছে । সেই অনুসৰি মৰাণ সমষ্টিৰ নাম খোৱাং কৰাৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছে ।  

এই খবৰ ৰাজহুৱা হোৱাৰ পাছতে এতিয়া আনন্দিত হৈ পৰিছে বৃহত্তৰ খোৱাংবাসী ৰাইজ । আজি খোৱাঙৰ মাজমজিয়াত বহু সংখ্যক লোক উপস্থিত হৈ ধন্যবাদ জ্ঞাপন কৰে অসম চৰকাৰক । স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহি খোৱাঙৰ ইতিহাস সুঁৱৰি আনন্দ প্ৰকাশ কৰে । বৰবৰুৱা আৰু মৰাণৰ মধ্যস্থল হৈছে খোৱাং । খোৱাং সমষ্টি হ'লে সুবিধা হ'ব সকলোৰে । সম্প্ৰতি খোৱাং উন্নয়ন খণ্ড, খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়, খোৱাং প্ৰাথমিক শিক্ষা খণ্ড আদি খোৱাঙৰ নামতে নামকৰণ হৈ আছে । তেনেস্থলত খোৱাং সমষ্টি হ'লে সকলোৰে সুবিধা হ'ব বুলি ৰাইজে মত প্ৰকাশ কৰিছে ।  

লগতে পঢ়ক:Morigaon Road Accident: মৰিগাঁৱত পথ দুৰ্ঘটনাত নিহত এজন; কেইবাজনো আহত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.