Road Blocked in Karimganj : পথ মেৰামতিৰ দাবী; কৰিমগঞ্জত পথ অৱৰোধ ক্ষুব্ধ ৰাইজৰ

By

Published : Aug 14, 2023, 4:17 PM IST

thumbnail

কৰিমগঞ্জ, 14 আগষ্ট : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত উত্তৰ কৰিমগঞ্জৰ ফকিৰবজাৰত পথ সংস্কাৰৰ দাবীত পথ অৱৰোধ কৰে ক্ষুব্ধ ৰাইজে ৷ কৰিমগঞ্জৰ সুতাৰকান্দি ৰাষ্ট্ৰীয় ঘাইপথ আৰু ফকিৰবজাৰ-নীলমবজাৰৰ পথ মেৰামতিৰ দাবীত স্থানীয় জিলা পৰিষদৰ প্ৰতিনিধি বজলুল হক চৌধুৰী আচানৰ নেতৃত্বত বৃহত্তৰ ফকিৰবজাৰ অঞ্চলৰ যুৱ সমাজে ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰে ৷

প্ৰায় দুঘণ্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ ফলত শ শ বাহন আবদ্ধ হৈ পৰে ৷ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়, সাংসদ কৃপানাথ মাল্লা মুৰ্দাবাদ শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷ পৰৱৰ্তী সময়ত প্ৰতিবাদস্থলীত উপস্থিত হয় সদৰ চক্ৰ বিষয়া জয় ক্ৰিষ্টিয়ানো, সদৰ থানাৰ আৰক্ষী বিষয়া ভবেন দিহিঙীয়া, স্থানীয় বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ ৷ চক্ৰ বিষয়াই শীঘ্ৰেই পথটো মেৰামতি কৰা হ’ব বুলি আশ্বাস দিয়ে ৷  

বিধায়ক কমলাক্ষই দে’ পুৰকায়স্থই কয় যে পৰৱৰ্তী বিধানসভা অধিৱেশনত কৰিমগঞ্জ-সূতাৰকান্দি ৰাষ্ট্ৰীয় ঘাইপথৰ কামৰ নিম্নমানৰ তদন্ত কৰি স্থায়ী সমাধানৰ বাবে বিধানসভাত দাবী জনাব ৷ অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰে কংগ্ৰেছ কৰ্মী ৰুহেল চৌধুৰী, বাপন নমঃশুদ্ৰ, আব্দুৰ ৰহমান চৌধুৰী, পুলক মালাকাৰ, সমীম আহমেদ চৌধুৰী আদিয়ে ৷

লগতে পঢ়ক : Protest Against APDCL : ৰঙিয়া বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয় ঘেৰাও ৰাইজৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.