Meri Mitti Meri Desh: মোৰ দেশ মোৰ মাটি কাৰ্যসূচী সন্দৰ্ভত ৰাজহুৱা সভা

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 7:12 PM IST

thumbnail

বৰপেটা,১৯ ছেপ্টেম্বৰ: ভাৰতৰ স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি বুধবাৰৰ পৰা আৰম্ভ হ'বলগীয়া মোৰ মাটি মোৰ দেশ কাৰ্যসূচীৰ অমৃত কলহ যাত্ৰাৰ লগত সংগতি ৰাখি বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা । বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত জিলা পুথিভঁৰালত আয়োজিত এই সভাত সভাপতিত্ব কৰে জিলা আয়ুক্ত আয়ুষ গৰ্গে ।  

জিলাখনৰ বিশিষ্ট ব্যক্তি, সংগঠন, গাঁও প্ৰধান, পৌৰপতি, ৰাজনৈতিক দলৰ প্ৰতিনিধি, সাধাৰণ নাগৰিক আদিৰ উপস্থিতিত আয়োজিত সভাত জিলা আয়ুক্ত গৰ্গে অমৃত কলহ যাত্ৰাত কি কি কৰিব লাগিব সেই বিষয়ে উপস্থিত লোকসকলক অৱগত কৰে । গৰ্গে কয় যে দেশৰ প্ৰতি প্ৰতিজন লোকৰ আবেগ, দায়ৱদ্ধতা বৃদ্ধি কৰাটোও হ'ল মোৰ মাটি মোৰ দেশ কাৰ্যসূচীৰ অন্যতম উদ্দেশ্য । অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে মোৰ মাটি মোৰ দেশ কাৰ্যসূচীৰ সফলতা কামনা কৰে আৰু প্ৰধানমন্ত্ৰীৰ এই কাৰ্যসূচীৰ এই প্ৰচেষ্টাত সকলো লোকক সহযোগিতা কৰিবলৈ আহ্বান জনায় ।  

লগতে পঢ়ক: Ganesh Chaturthi 2023: অৰুণাচল প্ৰদেশতো উলহ-মালহেৰে গণেশ চতুৰ্থী উদযাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.