Ganesh Chaturthi 2023: অৰুণাচল প্ৰদেশতো উলহ-মালহেৰে গণেশ চতুৰ্থী উদযাপন

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 5:57 PM IST

thumbnail

তিনিচুকীয়া,১৯ ছেপ্টেম্বৰ: আজি গণেশ চতুৰ্থী । সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি উলহ-মালহেৰে পালন কৰা হৈছে গণেশ চতুৰ্থী । সিদ্ধিদাতাৰ বন্দনাৰে মুখৰিত হৈছে ৰাজ্যৰ আকাশ-বতাহ । পুৱাৰে পৰা গণেশ মন্দিৰতসমূহত ভক্তৰ লানি নিছিগা সোঁত বৈছে । ইয়াৰ ব্যতিক্ৰম নহয় চুবুৰীয়া ৰাজ্য অৰুণাচল ।  

দেশৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশতো আজি অতি উলহ-মালহেৰে উদযাপন কৰা হয় গণেশ পূজা । অৰুণাচল প্ৰদেশৰ নামচাই দুই মাইলত ১৯, ২০ আৰু ২১ ছেপ্টেম্বৰ তাৰিখে তিনিদিনীয়াকৈ আয়োজন কৰা এই গণেশ পূজাৰ কাৰ্যসূচীৰ প্ৰথম দিনা চাৰিটাকৈ গজৰাজক লগত লৈ বিশাল শোভাযাত্ৰা বাহিৰ কৰা হয় । ইফালে, ১০০১ টা মাটিৰ কলহত ১০০১ গৰাকী মহিলাই দিহিং নদীৰ পৰা পানী তুলি শিৱ মন্দিৰত শুদ্ধি কৰি পূজাৰ বেদীলৈ আনি সমৰ্পন কৰে ৷ ইয়াৰ পাছতেই আৰম্ভ হয় পূজাৰ অৰ্চনা ।  

লগতে পঢ়ক: Food Poisoning In Jonai: জোনাইত বিশ্বকৰ্মা পূজাৰ প্ৰসাদ খাই চিকিৎসাধীন ৭২; গৰ্ভৱতী মহিলাসহ ১৫ জনৰ অৱস্থা সংকটজনক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.