Food Poisoning In Jonai: জোনাইত বিশ্বকৰ্মা পূজাৰ প্ৰসাদ খাই চিকিৎসাধীন ৭২; গৰ্ভৱতী মহিলাসহ ১৫ জনৰ অৱস্থা সংকটজনক

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 4:26 PM IST

thumbnail

জোনাই, ১৯ ছেপ্টেম্বৰ: জোনাইৰ চমকং লকলুং মিচিং গাঁৱত বিশ্বকৰ্মা পূজাৰ প্ৰসাদ খাই বিষক্ৰিয়া হৈ মঙলবাৰে অসুস্থ হৈ পৰে প্ৰায় ৭২ জন লোক । ইয়াৰে ১৫ জনক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে চিলাপথাৰ আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । ডেকাপাম উপ-স্বাস্থ্য কেন্দ্ৰত ১২ জন চিকিৎসাধীন হৈ আছে । ইয়াৰে বাকী বিষক্ৰিয়া হয় অসুস্থ হৈ পৰা ৪৫ জনক গাঁৱতে চিকিৎসকৰ দল উপস্থিত হৈ চিকিৎসা কৰি থকা হৈছে ৷

জানিব পৰা মতে সোমবাৰে লকলুং গাঁৱৰ পানী যোগান আঁচনিত গাঁৱৰ ৰাইজে সমূহীয়াভাৱে উদযাপন কৰে বিশ্বকৰ্মা পূজা । এই বিশ্বকৰ্মা পূজাৰ মা-প্ৰসাদ খোৱাৰ পাচতে নিশাৰ ১০ মান বজাৰপৰা বিভিন্নজনৰ বমি, মূৰ-ঘূৰণি, পেট-চলাৰ লগতে জ্বৰ আদি লক্ষণে দেখা দিয়ে । সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা সকলৰ মাজত দুগৰাকী গৰ্ভৱতী মহিলাও থকাৰ কথা জানিব পৰা হৈছে ।

লগতে পঢ়ক: জন্মাষ্টমীৰ মাহ-প্ৰসাদ খাই চিমেন চাপৰিত শতাধিক লোকৰ বিষক্ৰিয়া

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.