জন্মাষ্টমীৰ মাহ-প্ৰসাদ খাই চিমেন চাপৰিত শতাধিক লোকৰ বিষক্ৰিয়া

author img

By

Published : Sep 2, 2021, 10:05 PM IST

100 People Suffer Food Poisoning in jonai cimen sapori

চমকঙৰ লকলুং মিচিং গাঁৱৰ শিশু, মহিলাসহ শতাধিক লোক জন্মাষ্টমীৰ মাহ-প্ৰসাদ খাই অসুস্থ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰা অনুসৰি জন্মাষ্টমীৰ মাহ-প্ৰসাদ খাইয়ে অসুস্থ হৈ পৰিছে লোক সকল ৷

জোনাই, ২ছেপ্টেম্বৰ : চিমেন চাপৰি আৰক্ষী থানাৰ চমকঙৰ লকলুং মিচিং গাঁৱৰ শিশু, মহিলাসহ শতাধিক লোক জন্মাষ্টমীৰ মাহ-প্ৰসাদ খাই অসুস্থ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে গাঁওখনৰ ৰাইজৰ উদ্যোগত লকলুং মিচিং গাঁৱৰ নামঘৰত জন্মাষ্টমী উদযাপন কৰা হৈছিল । শেষ নিশা জন্মাষ্টমীৰ পৰ্ব শেষ হোৱাৰ পাছত মাহ-প্ৰসাদ বিতৰণ কৰি ঘৰা-ঘৰি হয় গাঁৱৰ ভকত সকল ।

বৃহস্পতিবাৰে পুৱা জ্বৰ, বমি, মূৰৰ বিষত আক্ৰান্ত হয় শিশু, মহিলাসহ প্ৰায় 130 গৰাকীকৈ লোক ৷ স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰা অনুসৰি, জন্মাষ্টমীৰ মাহ-প্ৰসাদ খাইয়ে লোকসকল এই ধৰণৰ ৰোগত আক্ৰান্ত হৈছে ৷ বৰ্তমান কেইবাগৰাকীৰো অৱস্থা অতি সংকটজনক বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷

জন্মাষ্টমীৰ মাহ-প্ৰসাদ খাই চিমেন চাপৰি শতাধিক লোকৰ বিষক্ৰিয়া

লগতে পঢ়ক: যোৰাবাটত বুজন পৰিমানৰ হেৰ'ইন সহ দুজনক আটক

ইফালে, ঘটনাৰ খবৰ লাভ কৰাৰ পাছত ডেকাপাম প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাঃ শশীকান্ত পাঞাং আৰু জোনাই মহকুমা স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কামানৰ নেতৃত্বত চিকিৎসকৰ এটা দল চমকং লকলুং গাঁৱত উপস্থিত হয় ৷ অসুস্থ হৈ পৰা লোকসকলক চিকিৎসা প্ৰদান কৰাৰ লগতে ঔষধ প্ৰদান কৰে চিকিৎসকৰ দলটোৱে ৷ গাঁওখনত অসুস্থ হোৱা লোকৰ সংখ্যা বৰ্তমানেও বৃদ্ধি পাই আহিছে বুলি জানিব পৰা গৈছে ৷

সংকটজনক অৱস্থাত 10 গৰাকী লোকক চিলাপথাৰ আদৰ্শ চিকিৎসালয় আৰু 35 গৰাকীক ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । বুটমাহৰ বিষক্ৰিয়াত মহিলা আৰু বয়োজ্যেষ্ঠ সকল অধিক আক্ৰান্ত হৈছে । উল্লেখ্য যে, জন্মাষ্টমী উদযাপন সমিতিয়ে চমকং আৰু চিমেন চাপৰিৰ পৰা প্ৰসাদৰ বাবে বুটমাহ আৰু মগু ক্ৰয় কৰিছিল ৷

লগতে পঢ়ক: ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পূৰ্বৰ নাম বাহাল থকাক লৈ সুখী অসমবাসী : বিজেপি

ইতিমধ্যে বুটমাহ ক্ৰয় কৰা ব্যৱসায়ী প্ৰতিষ্ঠানৰ বিৰুদ্ধে স্বাস্থ্য বিভাগে তদন্ত কৰিব বুলি জানিবলৈ দিছে জোনাই মহকুমা স্বাস্থ্য বিষয়াই । প্ৰসাদ খাই বিষক্ৰিয়া হোৱা ঘটনাই বৰ্তমান অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে চমকং লকলুং মিচিং গাঁৱত ৷

লগতে পঢ়ক: মহিলা ক্ৰিকেটাৰৰ ক্ষেত্ৰত অনমনীয়; পুৰুষ ক্ৰিকেটাৰক বিদেশ ভ্ৰমণৰ সেউজ সংকেট তালিবানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.