Orunodoi Scheme Scam: অৰুণোদয় আঁচনিত দুৰ্নীতি, শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদত মহিলাৰ প্ৰতিবাদ

By

Published : Feb 23, 2023, 1:02 PM IST

thumbnail

শিৱসাগৰ, 23 ফেব্ৰুৱাৰী: অসমৰ সৰ্ববৃহৎ তথা অন্যতম আঁচনিখনেই হৈছে অৰুণোদয় আঁচনি ৷ আৰ্থিকভাৱে দুৰ্বল পৰিয়াললৈ কিছু সকাহ প্ৰদানৰ লক্ষ্যৰে পোনপটীয়াকৈ হিতাধিকাৰীক ধন হস্তান্তৰ কৰিবলৈ এই আঁচনি প্ৰৱৰ্তন কৰা হৈছিল ৷ পৰিয়ালৰ দ্বাৰা নিৰ্বাচিত এগৰাকী মহিলা হিতাধিকাৰীক এই আঁচনিৰ বাবদ প্ৰতিমাহে দিয়া হয় 1250 টকা ৷ এই টকা পোনপটীয়াকৈ হিতাধিকাৰীৰ বেংক একাউন্টত জমা হয় ৷

কিন্তু চৰকাৰৰ এই আঁচনিতো এতিয়া শেনচকু পৰিছে একাংশৰ ৷ এই আঁচনিৰ নামত এইবাৰ শিৱসাগৰত সংঘটিত হৈছে কেলেংকাৰী (Orunodoi Scam in Sivasagar) ৷ শেহতীয়াকৈ অৰুণোদয় আঁচনিক কেন্দ্ৰ কৰি শিৱসাগৰ জিলাত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতিৰ ।

অৰুণোদয় আঁচনিৰ প্ৰ-পত্ৰ বিতৰণৰ নামত পঞ্চায়ত তথা ৱাৰ্ড সদস্যই ধনৰ লেনদেন কৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ হিতাধিকাৰীয়ে (Assam Orunodoi Scheme 2023) ৷ কেৱল ইমানেই নহয়, আৰ্থিকভাৱে দুৰ্বল তথা প্ৰকৃত হিতাধিকাৰীক এই আঁচনি প্ৰদান নকৰি, পকী ঘৰ, বাহন থকা ঘৰতহে অৰুণোদয় আঁচনি প্ৰদান কৰাৰ অভিযোগ হিতাধিকাৰীৰ (Fraud beneficiaries under Orunodoi scheme) ৷

যাৰ ফলত আজি শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদত নাজিৰা উন্নয়ন খণ্ডৰ মেকিপুৰ পঞ্চায়তৰ শতাধিক ক্ষুব্ধ মহিলাই সাব্যস্ত কৰে প্ৰতিবাদ (Protest at Sivasagar DC office)। পঞ্চায়ত সদস্য, ৱাৰ্ড সদস্য আৰু গাঁওবুঢ়াৰ দুৰ্নীতিৰ বাবেই একাংশ দৰিদ্ৰ হিতাধীকাৰী বাদ পৰিছে এই আঁচনিৰ পৰা ৷ দৰিদ্ৰ লোকৰ বিপৰীত একাংশ ধনী ব্যক্তিৰ নাম কিদৰে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈছে সেই বিষয়ে জানিবলৈ বুধবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে একাংশ দৰিদ্ৰ মহিলা হিতাধিকাৰীয়ে ৷  

আনহাতে ঘটনা প্ৰসংগত শিৱসাগৰ জিলা উপায়ুক্তই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বিপৰীতে প্ৰতিবাদী ৰাইজক জেললৈ পঠিওৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । আনহাতে জিলা উপায়ুক্তৰ কাৰ্যালয়ত হোৱা প্ৰতিবাদৰ উপৰিও আজি উপযুক্ত লোকক অৰুণোদয় প্ৰ-পত্ৰ প্ৰদান নকৰাৰ অভিযোগত ৰংপুৰ পঞ্চায়তৰ ১ নং ৱাৰ্ডৰ মহিলাসকলে গাঁওবুঢ়াৰ ঘৰ ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে ।

লগতে পঢ়ক: Broker Detained from BMCH: বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ পৰা তিনি ঔষধৰ দালালক আটক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.