ETV Bharat / state

Broker Detained from BMCH: বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ পৰা তিনি ঔষধৰ দালালক আটক

author img

By

Published : Feb 23, 2023, 11:01 AM IST

Broker Detained from BMCH
বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ পৰা তিনি ঔষধৰ দালালক আটক

বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ পৰা তিনি দালালক আটক ৷ তেজ আৰু ঐষধ ক্ৰয়ৰ নামত তিনিও কৰি আহিছিল দাদালি ৷ চিকিৎসা মহাবিদ্যালয়খনৰ সমীপৰ একাংশ ফাৰ্মাচীৰ পৰা নিয়ন্ত্ৰণ হৈ আছে এই দালাল চক্ৰ (Broker Detained from BMCH) ৷

বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ পৰা তিনি ঔষধৰ দালালক আটক

বৰপেটা, 23 ফেব্ৰুৱাৰী: ৰাজ্যৰ বিভিন্ন চৰকাৰী কাৰ্যালায়, চিকিৎসালয় আদিত শিপাই থকা দাদাল চক্ৰৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি গ্ৰহণ কৰি আহিছে আৰক্ষী তথা প্ৰশাসনে ৷ কিন্তু তাৰ পাচতো শিক্ষা লোৱা নাই একাংশই ৷ এইবাৰ আৰক্ষীয়ে উৎখাত কৰিলে বৰপেটা চিকিৎসা মহাবিদ্যালয়ত (Barpeta Medical College Hospital) গঢ় লৈ উঠা দালাল চক্ৰ ৷

বুধবাৰে বৰপেটা আৰক্ষীয়ে আটক কৰিলে মজিবুল হুছেইন, দিলবৰ হুছেইন আৰু আয়ুব আলী নামৰ তিনি দালালক ৷ দীৰ্ঘদিন ধৰি তেজৰ দালালিকে ধৰি বিভিন্ন পন্থা অৱলম্বন কৰি ৰোগী আৰু ৰোগীৰ পৰিয়ালক হাৰাশাস্তি আৰু ধন আত্মসাৎ কৰি আহিছিল এই তিনি দালালে (Blood broker at BMCH) ৷

বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জন দলেৰ নেতৃত্বত এই দালাল চক্ৰটোৰ বিৰুদ্ধে চলিছিল অভিযান ৷ এই চক্ৰটোৱে তেজ আৰু ঔষধ ক্ৰয় কৰাৰ নামত দালালি কৰি অহাৰ লগতে হাস্পতালত বিনামূলীয়াকৈ উপলব্ধ হোৱা ঔষধৰ সলনি ৰোগীক আৰু ৰোগীৰ আত্মীয়ক ফাৰ্মাচীৰ পৰা ঔষধ ক্ৰয় কৰিবলৈ বাধ্য কৰাই আহিছিল ৷

বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ সমীপৱৰ্তী একাংশ ঔষধৰ বিপণিৰ পৰাই এই দালাল চক্ৰ নিয়ন্ত্ৰিত হৈ আছে বুলি সদৰী কৰিছে বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিষয়া ৰঞ্জন দলেই ৷ একাংশ লোকে কৰি অহা অভিযোগৰ পাচতেই এই দালাল চক্ৰৰ বিৰুদ্ধে অভিযান চলোৱা বুলিও মন্তব্য কৰে আৰক্ষী বিষয়াগৰাকীয়ে (Blood broker detained from BMCH) ৷

উল্লেখ্য যে, তেজৰ দালালিৰে জড়িত থকা আন দুজন লোককো কিছুদিন পূৰ্বে আটক কৰিছিল বৰপেটা আৰক্ষীয়ে ৷ ৰোগীৰ আত্ময়ীৰ পৰা ঔষধৰ ৰচিদ বলপূৰ্বকভাৱে লৈ ফাৰ্মাচীৰ পৰা ঔষধ ক্ৰয় কৰোৱাই আহিছে এই চক্ৰটোৱে ৷ এই সমগ্ৰ কাৰ্যৰে আন কেইবাগৰাকীও লোক জড়িত আছে বুলি আটক কৰা তিনি দালালে স্বীকাৰ কৰিছে বুলি মন্তব্য আৰক্ষীৰ ৷ ঔষধ ক্ৰয় কৰোৱাবলৈ দালাল নিয়োগ কৰা ফাৰ্মাচীৰ গৰাকীৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য আৰক্ষীৰ ৷

ইফালে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তো চলি আছে দালালৰাজ ৷ GMCHৰ বহু দালালক সময়ে সময়ে অভিযোগৰ ভিত্তিত আটক কৰি আহিছে আৰক্ষীয়ে ৷ কিন্তু ইয়াৰ পাচতো লোৱা নাই শিক্ষা (Broker at GMCH) ৷ সমান্তৰালভাৱে ৰাজ্যৰ একাংশ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু অসামৰিক চিকিৎসালয়তো জন্ম আৰু মৃত্যুৰ প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ নামত একাংশই সংগ্ৰহ কৰি আহিছে মোটা অংকৰ ধন ৷

লগতে পঢ়ক: Blood brokers arrested: বৰপেটা মেডিকেল কলেজ হাস্পতাল চৌহদত তেজৰ দালালি, আটক তিনিজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.