ETV Bharat / state

Blood brokers arrested: বৰপেটা মেডিকেল কলেজ হাস্পতাল চৌহদত তেজৰ দালালি, আটক তিনিজন

author img

By

Published : Feb 7, 2023, 7:48 AM IST

Blood brokers arrested from FAAMCH premises in Barpeta
বৰপেটাত আটক তিনি তেজৰ দালাল

তেজৰ দালালৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ অভিযান ৷ অভিযানত আটক তিনিটাকৈ তেজৰ দালাল (Blood brokers arrested in Barpeta) ৷ আটকাধীন দালাল কেইটাই বিগত কিছুদিনৰ পৰা বৰপেটা মেডিকেল কলেজ হাস্পতালৰ ৰোগীক তেজ দিয়াৰ নামত ধন সংগ্ৰহ কৰি আহিছিল ৷ ধন লাভ কৰাৰ পিছতেই সেই স্থানৰ পৰা উধাও হয় দালাল চক্ৰটো ৷ অৱশেষত আৰক্ষীৰ জালত পৰে এই অসাধু চক্ৰটোৰ তিনিটাকৈ দালাল ৷

বৰপেটাত আটক তিনি তেজৰ দালাল

বৰপেটা, 7 ফেব্ৰুৱাৰী: সাৱধান ! ৰাজ্যত বৰ্তমানেও সক্ৰিয় হৈ আছে ৰোগীৰ বাবে তেজ যোগানৰ নামত অসাধু চক্ৰৰ দালালি ৷ জীৱন দায়িনী তেজক লৈ এই অসাধু চক্ৰটোৱে কৰি আহিছে দালালি ৷ প্ৰথমে চক্ৰটোৱে তেজৰ আৱশ্যক হোৱা ৰোগীৰ আত্মীয়ক তেজ দিয়াৰ প্ৰলোভন দিয়ে ৷ তাৰ পাছত তেজৰ নামত ৰোগীৰ আত্মীয়ৰ পৰা সংগ্ৰহ কৰে ধন আৰু ধন লাভ কৰাৰ লগে লগে সেই স্থানৰ পৰা উধাও হয় চক্ৰটো ৷ শেহতীয়াকৈ এনে এটা দালাল চক্ৰৰ তিনিটা দালাল আৰক্ষীৰ জালত পৰিল (Blood brokers arrested in Barpeta) ৷

বৰপেটা মেডিকেল কলেজ হাস্পতালৰ চৌহদৰ পৰা আটক হৈছে তেজৰ নামত ৰোগীৰ আত্মীয়ৰ পৰা ধন লুন্ঠন কৰা তিনি দালাল (Barpeta Medical College) ৷ বৰপেটা মেডিকেল কলেজ হাস্পতালত তেজৰ দালালিত জড়িত থকাৰ অভিযোগত বৰপেটা আৰক্ষীয়ে আটক কৰিছে দালাল কেইটাক (Fakhruddin Ali Ahmed Medical College) ৷

ধৃত দালাল তিনিটা ক্ৰমে লুটফৰ ৰহমান, কেৰামত আলী আৰু হবিবৰ ৰহমান ৷ ধৃত লুটফৰ ৰহমানৰ ঘৰ বহৰিৰ হৰিপুৰত আৰু কেৰামত আলী আৰু হবিবৰ ৰহমানৰ ঘৰ সৰ্থেবাৰীৰ গৰিয়া চতলা গাঁৱত বুলি জানিব পৰা গৈছে ৷

বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জন দলেই কয়, "বৰপেটা মেডিকেল কলেজ হাস্পতালৰ আশে পাশে এটা দালাল চক্ৰ সক্ৰিয় হৈ আছে বুলি এক অভিযোগ লাভ কৰা হৈছিল ৷ তেজ দিয়াৰ নামত দৰিদ্ৰ লোকৰ পৰা ধন লৈ হাৰাশাস্তি কৰাৰ অভিযোগ লাভ কৰাৰ পিছতেই আৰক্ষীৰ তৰফৰ পৰা তদন্ত কৰা হৈছিল ৷ এই তদন্তৰ ভিত্তিতেই অৱশেষত তিনিটা দালালক আটক কৰা হয় ৷ আটকাধীন লুটফৰ ৰহমানৰ এখন ফাৰ্মাচী আছে মেডিকেল কলেজ হাস্পতালৰ সন্মুখতেই ৷ লুটফৰ ৰহমান, কেৰামত আলী আৰু হবিবৰ ৰহমান এই তিনিওটা দালালে মিলি বিগত কেইবাদিনৰ পৰা চলাই গৈছিল এই ৰেকেট ৷"

শেহতীয়াকৈ ধৃত দালাল চক্ৰটোৱে বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন বঙাইগাঁৱৰ ৰোগী এজনৰ আত্মীয়ৰ পৰা তেজ দানৰ নামত আত্মসাৎ কৰিছিল ৭ হাজাৰ টকা ৷ এই সংক্ৰান্তত অভয়াপুৰীৰ হৰেণ বৰ্মণ নামৰ লোকজনে আৰক্ষী থানাত দাখিল কৰিছিল এখন এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিত বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জন দলেৰ নেতৃত্বত অভিযান চলাই তেজৰ দালাল চক্ৰটোক আটক কৰে আৰক্ষীয়ে (Blood brokers arrested from FAAMCH) ৷

উল্লেখ্য যে কিছুদিন পূৰ্বে বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে হাস্পতালখনত তেজৰ এটা দালাল চক্ৰ সক্ৰিয় হৈ আছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰিছিল ৷ ইফালে বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে ৰাইজক উদ্দেশ্যি আহ্বান জনাই কয় যে, যদি কোনো ব্যক্তিয়ে এনে দালাল চক্ৰৰ কৱলত পৰিছে অথবা এনে ঠগ প্ৰৱঞ্চনাৰ বলি হৈছে তেতিয়া হ’লে এই বিষয়ে আৰক্ষীক অৱগত কৰক ৷ এই বিষয়ে তদন্ত কৰি তেওঁলোকক কৰায়ত্ত কৰি উচিত শাস্তি দিয়া হ’ব বুলিও আশ্বাস প্ৰদান কৰে আৰক্ষী বিষয়াগৰাকীয়ে ৷

লগতে পঢ়ক: Anti corruption Raid: গুৱাহাটীত উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল জলসিঞ্চন বিভাগৰ জ্যেষ্ঠ সহায়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.