Protest at Nalbari Barbhag college : প্ৰতিবাদমুখৰ নলবাৰীৰ বৰভাগ মহাবিদ্যালয়

By

Published : Mar 10, 2023, 2:11 PM IST

thumbnail

নলবাৰী, ১০ মাৰ্চ : প্ৰতিবাদত উত্তাল বৰভাগ মহাবিদ্যালয় চৌহদ ৷ নলবাৰী জিলাৰ আগশাৰীৰ শিক্ষানুষ্ঠান বৰভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিৰিঞ্চি কুমাৰ চৌধুৰীক দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰি মাৰধৰ কৰাৰ প্ৰতিবাদত ন্যায় বিচাৰি ছাত্র ছাত্ৰীয়ে আজি গ্ৰহণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী ।উল্লেখযোগ্য যে বৃহস্পতিবাৰৰ পুৱা অধ্যক্ষগৰাকীয়ে নিজ কৰ্তব্যস্থলী বৰভাগ কলেজলৈ নিজৰ চাৰিচকীয়া বাহনৰে আহি থকা অৱস্থাত হেলেচাত এটি দুৰ্ঘটনাক কেন্দ্ৰ কৰি অধ্যক্ষগৰাকীক একাংশ লোকে মাৰধৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে (Tense at Barbhag college) ৷

দুৰ্বৃত্তৰ আক্ৰমণত শাৰিৰীক ভাৱে যথেষ্ট আঘাত প্ৰাপ্ত হয় অধ্যক্ষ ড০. বিৰিঞ্চ কুমাৰ চৌধুৰী । ইয়াৰ এক উচিত তদন্তৰ দাবী কৰাৰ লগতে দোষীক উপযুক্ত শাস্তিৰ দাবীত বৃহস্পতিবাৰৰ মাজনিশাৰে পৰা কলেজ চৌহদত ছাত্ৰ সমাজে প্ৰতিবাদত বহে  ৷ প্ৰতিবাদী ছাত্ৰ সমাজে 'আমাৰ অধ্যক্ষক ন্যায় দিয়ক' , 'বৰভাগ মহাবিদ্যালয় ছাত্র সমাজ জিন্দাবাদ' , 'উই ৱান্ট জাষ্টিচ' আদি শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী (Protest at Nalbari Barbhag college) ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.