জৰাজীৰ্ণ পথে জলা-কলা খুৱাইছে লামডিংবাসীক; মেৰামতিৰ আহ্বান - Dilapidated Road In Lumding - DILAPIDATED ROAD IN LUMDING

🎬 Watch Now: Feature Video

thumbnail
জৰাজীৰ্ণ পথে জ্বলা-কলা খুৱাইছে লামডিংবাসীক (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 14, 2024 at 7:55 PM IST

1 Min Read
Choose ETV Bharat

হোজাই, ১৪ জুন: এটা পথে জলা-কলা খুৱাইছে লামডিংবাসীক । মুখ্যমন্ত্ৰীৰ নিদেৰ্শৰ পিচতো লামডিঙৰ পথৰ মাজত থকা গাঁত আজি পৰ্যন্ত মেৰামতি নকৰিলে বিভাগে । লামডিং-হাফলঙৰ যাতায়তৰ মূলপথ হিচাপে ব্যৱহৃত হোৱাৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ যোৱাৰ এইটোয়েই একমাত্ৰ মূলপথ । লগতে এই পথৰ দুই কাষে আছে দুখনকৈ বিদ্যালয় ৷ ব্যস্ততাপূৰ্ণ এই পথেৰে দিনে নিশাই বহু যাত্ৰীয়ে অহা-যোৱা কৰা পৰিলক্ষিত হয় ৷  

অলপ বৰষুণ দিলে উক্ত পথত থকা গাঁতসমূহত পানীৰে ভৰি পৰে । লামডিঙৰ সচেতন ৰাইজে অভিযোগ কৰা অনুসৰি উক্ত পথচোৱাৰ ফলত বহুদিন ধৰি লামডিংবাসী ৰাইজে সমস্যাত পৰি আহিছে । স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে অহা-যোৱা কৰিবলৈও ভোগ কৰিবলগীয়া হয় বহু কষ্ট হয় ৷ ইফালে পথচোৱাৰ দুৰৱস্থাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনাও বহুত বেছি ৷ ৰোগী অহা-যোৱা কৰিলেও সহ্য কৰিবলগীয়া হয় বহুত কষ্ট ৷ অতিশীঘ্ৰে পথচোৱা মেৰামতি কৰাৰ দাবী উত্থাপন কৰে ৰাইজে ।

লগতে পঢ়ক: নিৰ্মাণৰ পাছতে জহি-খহি গ'ল পথ, যাতায়াতৰ ক্ষেত্ৰত ভূগিছে দুৰ্ভোগ - Dilapidated Road In South Salmara

কোন সাংসদ-বিধায়কৰ ঘৰৰ কাষতেই আছে বিধ্বস্ত পথ ? - Dilapidated Road In Silapathar

পথ নিৰ্মাণৰ দাবীত আছুৰ তীব্ৰ প্ৰতিবাদ - AASU Protest

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details