পুৰণিগুদামত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 5:15 PM IST

thumbnail

চামগুৰি, ২ ডিচেম্বৰ: ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে পুৰণিগুদামত ৰাইজৰ প্ৰতিবাদ । পুৰণিগুদাম গড়মূৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ফ'ৰলেনযুক্ত পথ নিৰ্মাণত হোৱা বিসংগতিৰ বাবেই পথৰ দুয়োকাষে থকা শতাধিক লোক ক্ষতিগ্ৰস্ত হৈছে । পথ নিৰ্মাণকাৰী কোম্পানীয়ে গড়মূৰ অঞ্চলৰ ঘাইপথত অবিজ্ঞানসন্মতভাৱে  নিৰ্মাণ কৰা কেইবাটাও স্পীড ব্ৰেকাৰৰ বাবে উচ্চ ক্ষমতা সম্পন্ন বাহনৰ তীব্ৰবেগত সৃষ্টি হয় কম্পন । ফলত চিৰাল ফাঁট মেলিছে পথৰ কাষতে থকা পৰিয়ালবোৰৰ ঘৰৰ পকী ৱালত,তললৈ বহি গৈছে পুৰণিকলীয়া ঘৰো ।  

আজি ৰাইজৰ অভিযোগৰ বুজ ল'বলৈ আহে জিলা প্ৰশাসনৰ এগৰাকী অতিৰিক্ত উপায়ুক্তসহ পৰিবহণ বিভাগৰ বিষয়া । কোনো ধৰণৰ ফলক অবিহনে এনেবোৰ বিসংগতিপূৰ্ণ স্পীডব্ৰেকাৰ নিৰ্মাণৰ বাবেই গাড়ীৰ তীব্র কম্পনৰ ফলত ৰাইজে ভুগিব লগা হৈছে যাতনা ।

লগতে পঢ়ক:সৰুপথাৰৰ ছেৱাগুৰি মাজুলীচুকত যুৱকৰ মৃতদেহ উদ্ধাৰ, দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ

TAGGED:

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.