সৰুপথাৰৰ ছেৱাগুৰি মাজুলীচুকত যুৱকৰ মৃতদেহ উদ্ধাৰ, দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 2:24 PM IST

thumbnail

সৰুপথাৰ, 2 ডিচেম্বৰ : সৰুপথাৰৰ ছেৱাগুৰি মাজুলীচুকত চাঞ্চল্যকৰ ঘটনা ৷ তেজেৰে লুতুৰি-পুতুৰি হৈ পৰি থকাত অৱস্থাত উদ্ধাৰ কৰা হৈছে যুৱকজনৰ মৃতদেহ ৷ মৃত যুৱকজনৰ নাম গৌৰৱজ্যোতি বৰা বুলি চিনাক্ত কৰা হৈছে ৷ ইফালে মৃতদেহৰ সমীপতে উদ্ধাৰ হৈছে যুৱকজনৰ বাইকখন ৷ আনহাতে, যুৱকজনৰ মূৰত চোকা অস্ত্ৰৰ আঘাতৰ চিন স্পষ্ট হৈ আছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে ৷ ইতিমধ্যে আৰক্ষীৰ লগতে দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷

স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি, পৰিকল্পিতভাৱে যুৱকজনক হত্যা কৰিলে দুৰ্বৃত্তই ৷ যুৱকজনে ড্ৰাগছ সেৱন কৰাৰ লগতে গাড়ী চুৰি চক্ৰৰ সৈতে জড়িত আছিল ৷ সেই বাবে কেইবাবাৰো আৰক্ষীয়ে আটক কৰিছিল যুৱকজনক ৷ কিন্তু কোনে,কিয় যুৱকজনক হত্যা কৰিলে সেয়া এতিয়াও স্পষ্টকৈ জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক : গোলাঘাটত হাতী খেদিবলৈ শকতি নাই বনবিভাগৰ, ৰাইজেই কান্ধপাতি ল’লে দায়িত্ব 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.