Protest Against the cut of Tamulpur district: তামুলপুৰ জিলা কৰ্তনৰ বিৰুদ্ধে গোৰেশ্বৰত চাৰি সংগঠনৰ উত্তাল প্ৰতিবাদ

By

Published : Jan 2, 2023, 2:22 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

ৰাজ্য চৰকাৰৰ শেহতীয়া কেবিনেট বৈঠকত লোৱা ৪ জিলা বাতিলৰ সিদ্ধান্তৰ পিছতে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া । আজি গোৰেশ্বৰৰ ৰাজপথত কেইবাটাও সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Protest against cut of Tamulpur district in Goreswar)। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (AJYCP), কৃষক মুক্তি সংগ্ৰাম সমিতি, গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ, এবিএমছুই সাব্যস্ত কৰে এই প্ৰতিবাদ । হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ, প্ৰমোদ বড়োৰ কাম নাই, জিলা বিলুপ্তিৰ সিদ্ধান্ত বাতিল কৰক আদি শ্লোগানেৰে প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে গোৰেশ্বৰৰ ৰাজপথ । প্ৰতিবাদী সংগঠন কেইটাৰ নেতৃবৰ্গই চৰকাৰৰ এই সিদ্ধান্ত বাতিলৰ দাবী জনায় । অন্যথা অনাগত দিনত তীব্ৰ জংগী আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ প্ৰদান কৰে ।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.