পাকিস্তানক পৰাস্ত কৰাৰ বাবে টীম ইণ্ডিয়াক অভিনন্দন চেলেব্ৰিটীৰ - T20 WORLD CUP 2024
IND VS PAK T20 World Cup 2024: ৯ জুনত পাকিস্তানৰ বিৰুদ্ধে টি-২০ বিশ্বকাপৰ খেলখনত টীম ইণ্ডিয়াই জয়লাভ কৰে । এই ৰোমাঞ্চকৰ জয়ৰ বাবে বহু বি-টাউন চেলেব্ৰিটীয়ে ভাৰতীয় দলটোক অভিনন্দন জনায় । ছ’চিয়েল মিডিয়াৰ ভৰি পৰিছে শুভেচ্ছাৰে ।

By ETV Bharat Entertainment Team
Published : June 10, 2024 at 2:34 PM IST
চিটাৰা ডেস্ক, 10 জুন : টি-২০ বিশ্বকাপ ২০২৪ ত ভাৰত আৰু পাকিস্তানৰ মাজৰ খেলখন যথেষ্ট দৰ্শনীয় আছিল । ৯ জুন, দেওবাৰে ভাৰতীয় ক্ৰিকেট দলৰ সকলো সমৰ্থক টিভি সন্মুখৰ পৰা আঁতৰা নাছিল । তেওঁলোকে পাকিস্তানৰ বিৰুদ্ধে এই খেলখনৰ এটা মুহূৰ্তও বাদ দিব বিচৰা নাছিল । বিৰাট কোহলী আৰু ৰোহিত শ্বেট্টীৰ দৰে বেটছমেনক আগতীয়াকৈ আউট কৰা স্বত্বেও অনুৰাগীসকলে আশা হেৰুওৱা নাছিল ।
অৱশেষত, ভাৰতে ৰোমাঞ্চকৰ মেচখন জিকিলে । এই বৃহৎ বিজয়ৰ পিচত, বলীউডৰ বহুতো তাৰকাই মেন ইন ব্লুৰ প্ৰশংসা কৰে আৰু তেওঁলোকক জয়ৰ বাবে অভিনন্দন জনায় ৷
বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনে মেচখনৰ পৰা বুমৰাহৰ ছবি এক্সত শ্বেয়াৰ কৰি দলটোক প্ৰশংসা কৰি লিখিছে, ‘‘হে বাপ ৰে বাপ ! ভাৰত বনাম পাকিস্তানৰ খেল চাই আছিলো আৰু মাজতে টিভিটো বন্ধ কৰি দিলো ৷ কাৰণ মই ভাবিছিলো আমি পৰাস্ত হ’ম । কিন্তু হঠাতে মই ইণ্টাৰনেট চালো আৰু আমি জয়ী হ’লো, আমি জয়ী হ’লো, আমি জয়ী হ’লো ৷ ভাৰত, ভাৰত, ভাৰত ভাৰত...’’
প্ৰীতি জিণ্টা বুমৰাহৰ অনুৰাগী । প্ৰীতি জিণ্টাই টীম ইণ্ডিয়াৰ বলাৰসকলক যথেষ্ট প্ৰশংসা কৰে । তেওঁ এক্সত টীম ইণ্ডিয়াৰ এখন ফটো শ্বেয়াৰ কৰি লিখিে, 'ৱাও, কি মেচ । কি প্ৰত্যাৱৰ্তন আৰু কি যুঁজ ।
ড্ৰীম গাৰ্লৰ অভিনেতা আয়ুষ্মান খুৰানাইও টীম ইণ্ডিয়াৰ প্ৰশংসা কৰি লিখে, ‘‘খেলখনত যথেষ্ট উদ্বিগ্নতা আছিল । ভালকৈ শেষ হ’লে সকলো ভাল । ঋষভ পন্তৰ উভতি অহাটো ভাল আছিল । আৰু বুমৰাহৰ এটা গল্ডেন আৰ্ম আছে । ব’লা ইণ্ডিয়া । ব’লা সম্পূৰ্ণ শক্তিৰে এই টি-২০ বিশ্বকাপত প্ৰৱেশ কৰোঁ ।"
দেশমুখো এজন ক্ৰিকেট অনুৰাগী । দেওবাৰে, তেওঁ পাকিস্তানৰ বিৰুদ্ধে ঘৰত বহি ভাৰতীয় দলটোক পূৰ্ণ সমৰ্থন কৰে । তেওঁ এক্সত লিখে, ‘‘চক দে ইণ্ডিয়া : কি অবিশ্বাস্য প্ৰত্যাৱৰ্তন । শ্বাবাছ টীম ইণ্ডিয়া - শ্বাবাছ বলাৰ ।"
ইয়াৰ লগতে চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰ, সিদ্ধাৰ্থ মালহোত্ৰা, অনন্যা পাণ্ডে, বৰুণ ধৱন, ববি দেউল, কাৰ্তিক আৰিয়ান, আঠিয়া শ্বেট্টী, পুলকিত সম্ৰাট, শ্ৰদ্ধা কাপুৰ, অৰ্জুন ৰামপাল, সোনু ছুদ, নেহা ধুপিয়াই ভাৰতীয় দলৰ প্ৰশংসা কৰিছে ।
লগতে পঢ়ক : পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বিজয়; আনন্দত আত্মহাৰা অনুষ্কা-ৰিতিকা - T20 WORLD CUP 2024

