গুৱাহাটীত প্ৰথমবাৰৰ বাবে মুকলি হ’ল প্ৰফেচনেল বক্সিং একাডেমী

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 10:00 PM IST

thumbnail

গুৱাহাটী, ১০ ডিচেম্বৰ: গুৱাহাটীত মুকলি হ’ল প্ৰথমখন প্ৰফেচনেল বক্সিং একাডেমী । দেওবাৰে গুৱাহাটীৰ ৰাজগড়ত নতুনকৈ মুকলি কৰে একাডেমীখন । বিশিষ্ট শৰীৰ চর্চাবিদ মহাদেৱ ডেকা, বিশিষ্ট কণ্ঠশিল্পী পদ্মনাভ বৰদলৈ আৰু বিশিষ্ট অভিনেতা ৰাজকুমাৰে এই বক্সিং একাডেমীখন আনুষ্ঠানিকভাৱে মুকলি কৰে ৷

বিশিষ্ট শৰীৰ চর্চাবিদ মহাদেৱ ডেকাই কয় যে, ফিজিকেল ফিট মানুহে কেতিয়াও হাৰ নামানে । এনেকুৱা একাডেমী দুবছৰৰ পূৰ্বেই হ’ব লাগিছিল ৷ কিন্তু এতিয়া হৈছে ৷ বক্সিং মানে প্ৰফেচনেল বক্সিং নহয় মানুহ ফিট থাকিবলৈকো এই বক্সিং একাডেমীলৈ আহিব পাৰে বুলি মন্তব্য প্ৰকাশ কৰে ডেকাই ৷ নৱপ্ৰজন্মই এই একাডেমীলৈ আহি সময় অতিবাহিত কৰিলে অত্যন্ত লাভাবান্বিত হ’ব ৷ ক্ৰীড়াই লোকৰ জীৱনলৈ নিয়মানুৱৰ্তিতা লৈ আহে ৷

ইয়াৰ লগতে অভিনেতা ৰাজকুমাৰে এই পদক্ষেপক প্ৰশংসা কৰি আগ্ৰহীসকলক এই বক্সিং একাডেমীলৈ আহিবলৈ আহ্বান জনায় ৷ 

লগতে পঢ়ক: ৰাইজৰ বাবে মুকলি হ’ল দীপৰ বিলৰ পাৰৰ বনভোজথলী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.