প্ৰথমবাৰৰ বাবে মধুপুৰত শ্ৰীশ্ৰী কৃষ্ণৰ মুকলি মহাৰাস

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 2:28 PM IST

thumbnail

বিহপুৰীয়া, 24 নৱেম্বৰ : ৰাজ্যত ৰাসৰ উছাহ ৷ ৰাস বন্দনাৰে মুখৰিত অসমৰ আকাশ-বতাহ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাইজে বহু স্থানত এইবাৰ প্ৰথমবাৰৰ বাবে ৰাসৰ যো-জা চলোৱা পৰিলক্ষিত হৈছে ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে লখিমপুৰতো ৰাস উদযাপনৰ বাবে চলিছে ব্যাপক আয়োজন । বিহপুৰীয়াত ৰাস পূৰ্ণিমাক লৈ ব্যাপক উছাহ ৷ বিহপুৰীয়াৰ বদতিৰ মধুপুৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে শ্ৰীশ্ৰী কৃষ্ণৰ মুকলি মহাৰাস ৷ বিহপুৰীয়াৰ বদতিৰ মধুপুৰ গাঁৱৰ যুৱক সংঘই ব্যতিক্ৰমী ৰূপত প্ৰথমবাৰলৈ ৰাসৰ আয়োজন কৰিছে ।

কংসালয় প্ৰধান ৰাসৰ বিপৰীতে আধ্যাত্মিকতাৰ মাজেৰে বিহপুৰীয়াত ব্যতিক্ৰমী ৰূপত এদিনীয়াকৈ মহাৰাসৰ প্ৰস্তুতি চলাইছে মধুপুৰ গাঁৱৰ যুৱক সমাজে । সেয়ে অহা ২৭ নৱেম্বৰত মধুপুৰ যুৱক সংঘৰ সৌজন্যত আয়োজিত শ্ৰীশ্ৰী কৃষ্ণৰ মুকলি মহাৰাসৰ বাবে আখৰাত ব্যস্ত মধুপুৰৰ ডেকা-গাভৰু, যুৱক-যুৱতীসকল ।

লগতে পঢ়ক : ৰাজ্যত ৰাস মহোৎসৱৰ জোৰদাৰ প্ৰস্তুতি; সাজুনে আপুনিও ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.