Durga puja2023: দেৱী দুৰ্গা এইবাৰ যাত্ৰী হ’ব চন্দ্ৰযান-৩ ৰ

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 12:29 PM IST

thumbnail

যোৰহাট, 12 অক্টোবৰ : সন্মুখত দুৰ্গোৎসৱ ৷ ৰাজ্যত পূৰ্ণোদ্যমে চলিছে পূজাৰ প্ৰস্তুতি ৷ প্ৰত্যেকখন জিলাতে বিভিন্ন ধৰণৰ থীম লৈ নিৰ্মাণ কৰা হৈছে দুৰ্গোৎসৱৰ পূজামণ্ডপ ৷ চৰ্চালৈ আহিছে তাৰ মাজতে কেইবাখনো মণ্ডপৰ কথা ৷ খাৰুপেটীয়াৰ পিচত এইবাৰ চন্দ্ৰযান-৩ ৰ আৰ্হিত আৰু এখন পূজামণ্ডপৰ কথা চৰ্চালৈ আহিছে ৷

ৰাজ্যৰ ভিতৰতে নাম আছে দেৰগাঁও দেৱগ্ৰাম ৰাজহুৱা দুৰ্গোৎসৱৰ । দেৱগ্ৰাম ৰাজহুৱা দুৰ্গোৎসৱ সমিতিয়ে ১৮ লাখ টকা ব্যয় সাপেক্ষে এইবছৰত নিৰ্মাণ কৰিছে চন্দ্ৰযান-৩ ৰ আৰ্হিত শাৰদীয় দুৰ্গোৎসৱৰ পূজামণ্ডপ । প্ৰতিবছৰৰ দৰে শাৰদীয় দুৰ্গাপূজাত এইবাৰো ভক্তপ্ৰাণ ৰাইজক চমক দিয়াৰ প্ৰয়াস কৰিছে দেৰগাঁও দেৱগ্ৰাম ৰাজহুৱা দুৰ্গোৎসৱ পূজা সমিতিয়ে । দুৰ্গোৎসৱ সমিতিৰ বিষয়ববীয়াই জানিবলৈ দিয়া মতে, দুৰ্গাপূজাৰ পৰম্পৰা, সংস্কৃতি আৰু আধ্যাত্মিকতাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে তেওঁলোকে ।

বিশেষকৈ নৱপ্ৰজন্ম আৰু শিক্ষাৰ্থীসকলৰ বাবে মনত থকাকৈ ভাৰতৰ চন্দ্ৰযান-৩ ৰ চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত সফল অৱতৰণক বিষয়বস্তু হিচাপে লৈ এইবাৰৰ দুৰ্গা পূজাক এক নতুন ৰূপ দিবলৈ প্ৰয়াস কৰিছে দেৱগ্ৰাম ৰাজহুৱা দুৰ্গোৎসৱ সমিতিয়ে । পূজা সমিতিসমূহ দেৱীৰ প্ৰতিমা, মণ্ডপ, আলোক সজ্জাৰে ভক্ত তথা দৰ্শকক আকৰ্ষণ কৰিবলৈ অ-ঘোষিত প্ৰতিযোগিতাত নামি পৰা পৰিলক্ষিত হৈছে । পূৰ্বৰ দৰে এই বছৰো ৫ শতাধিক ৰাইজৰ সমাগম হ’ব বুলি আশা কৰিছে উক্ত দুৰ্গা পূজা আয়োজক সমিতিয়ে।

লগতে পঢ়ক : Kharupetia Durga Puja: এইবাৰ চন্দ্ৰযান ৩ ৰে মৰ্ত্যলৈ নামি আহিব দেৱী দুৰ্গা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.