Kharupetia Durga Puja: এইবাৰ চন্দ্ৰযান ৩ ৰে মৰ্ত্যলৈ নামি আহিব দেৱী দুৰ্গা

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 2:25 PM IST

thumbnail

দলগাঁও, ১১ অক্টোবৰ : আপুনি চন্দ্ৰযান-3 স্বচক্ষে প্ৰত্যক্ষ কৰিব বিচাৰে নেকি ? যদি বিচাৰে তেন্তে দুৰ্গোৎসৱত আহক খাৰুপেটী‌য়ালৈ । খাৰুপেটীয়াত প্ৰত্যক্ষ কৰিব পাৰিব‌ চন্দ্ৰযান-3 । ২৩ আগষ্টত চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান-3 য়ে কৰিছিল সফল‌ অৱতৰণ । যি বিৰল দৃশ্য সমগ্ৰ বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিছিল । এইবাৰ সমাগত দুৰ্গা পূজাত আপুনিও চন্দ্ৰযান 3 প্ৰত্যক্ষ কৰিব‌‌ ‌পাৰিব‌ খাৰুপেটীয়াত ।

দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী । আয়োজক সকলে ভিন ভিন থীমেৰে মণ্ডপ সাজি ভক্ত প্ৰাণ‌ ৰাইজক আকৰ্ষিত ‌কৰিবলৈ‌ ব্যাপক প্ৰস্তুতি চলাইছে খাৰুপেটীয়াত । ক’ৰবাত যদি বৃন্দাবনৰ থীম,‌ আন ক’ৰবাত লটাছ টেম্পল, আন ক’ৰবাত আকৌ চন্দ্ৰযান-৩ ।‌ এইবাৰ খাৰুপেটীয়াত টাইগাৰ ক্লাবে চন্দ্ৰযান ৩ আৰু মহাকাশৰ আৰ্হিৰে‌ পূজা মণ্ডপ সাজি দেৱী দুৰ্গাক আৰাধনা কৰাৰ বাবে সাজু হৈছে । ইতিমধ্যে স্থানীয় চিত্ৰশিল্পী ছফিকুল ইছলাম আৰু শিৱসাগৰৰ নাজিৰাৰ শিল্পী হাইদৰ আলীৰ এটা দলে বিগত এমাহ ধৰি এই কাম কৰি আছে । ৫৫ ফুট ওখ চন্দ্ৰযান আৰু ‌মহাকাশ আকৃতিৰ এই মণ্ডপটোৰ বাবে পূজা কমিটিয়ে ধাৰ্য কৰিছে ১৫ লাখ টকা । হুবহু মহাকাশ আকৃতিৰ মণ্ডটোৰ নিৰ্মাণ কাৰ্য ৯০ শতাংশ সম্পূৰ্ণ ‌কৰিছে শিল্পী দুগৰাকীয়ে ।

উল্লেখ্য যে, ছাত্ৰ-ছাত্ৰীয়ে মহাকাশ আৰু সৌৰজগতৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰিব খাৰুপেটীয়াত নিৰ্মাণ কৰা ব্যতিক্ৰমী পূজা মণ্ডপটোৰ‌ পৰা । চন্দ্ৰযান- ৩ ৰ আৰ্হিত নিৰ্মাণ কৰা পূজা মণ্ডপটো উপভোগ কৰিবলৈ ভক্তপ্ৰাণ ৰাইজক আহ্বান জনাইছে চিত্ৰশিল্পী ছফিকুল ইছলাম আৰু হাইদৰ‌ আলীয়ে ।

লগতে পঢ়ক : Durga Puja 2023:শৰৎ অহাৰ লগে লগে ধৰালৈ নামিছে দেৱী দুৰ্গা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.