HSLC exam paper leak: ছাত্ৰীৰ বিস্ফোৰক অভিযোগ; 2022 চনতো মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল কৰিছিল প্ৰণৱ দত্তই

By

Published : Mar 17, 2023, 10:16 PM IST

thumbnail

লখিমপুৰ, 17 মাৰ্চ: পোহৰলৈ আহিছে লখিমপুৰৰ লুইত খাবলু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক প্ৰণৱ দত্তৰ আন এক কুকীৰ্তি ৷ 2022 বৰ্ষতো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰিছিল প্ৰণৱ দত্তই ৷ বিদ্যালয়খনৰ এগৰাকী প্ৰাক্তন ছাত্ৰীয়ে আনিছে এই বিস্ফোৰক অভিযোগ (HSLC paper leak case accused Pranab Dutta) ৷  

ছাত্ৰীগৰাকীয়ে সদৰী কৰা অনুসৰি 2022 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰতিখন প্ৰশ্নকাকত যোগান ধৰাৰ নামত প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ পৰা প্ৰণৱ দত্তই বিচাৰিছিল 500 টকাকৈ ৷ ছাত্ৰীগৰাকীকো প্ৰশ্নকাকত দিয়াৰ কথা কৈছিল প্ৰণৱ দত্তই ৷ কিন্তু সেই প্ৰশ্নকাকত গ্ৰহণ কৰা নাছিল বুলি মন্তব্য ছাত্ৰীগৰাকীৰ ৷ উল্লেখ্য যে, লুইত খাবলু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল প্ৰণৱ দত্ত ৷ ইফালে, শিক্ষাবিভাগৰ নিৰ্দেশনা অনুসৰি তাৎক্ষণিকভাৱে নিলম্বন কৰা হয় প্ৰণৱ দত্ত, কুমুদ ৰাজখোৱা আৰু প্ৰসন্ন দাসক (HSLC question paper leaked) ৷  

লগতে পঢ়ক: HSLC exam paper leaked: কি দৰে আৰক্ষীয়ে চলাইছিল মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ তদন্ত ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.