HSLC exam paper leaked: কি দৰে আৰক্ষীয়ে চলাইছিল মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ তদন্ত ?

author img

By

Published : Mar 17, 2023, 8:27 PM IST

HSLC exam paper leaked

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত সংবাদমেল সম্বোধন আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ ৷ কি দৰে প্ৰশ্নকাকত ফাদিল হৈছিল আৰু কি দৰে সমগ্ৰ কাণ্ডৰ তদন্ত চলিছিল সেয়া উল্লেখ জি পি সিঙৰ (DGP GP Singh) ৷

কি দৰে আৰক্ষীয়ে চলাইছিল মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ তদন্ত ?

গুৱাহাটী, 17 মাৰ্চ : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল ঘটনা সন্দৰ্ভত সংবাদমেল সম্বোধন আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ ৷ সঞ্চালক প্ৰধানগৰাকীয়ে সদৰী কৰা মতে প্ৰশ্নকাকত ফাদিল ঘটনাৰ লগত জড়িত মুঠ 27 জনক গ্ৰেপ্তাৰ কৰা হৈছে ৷ তাৰ ভিতৰত 18 জন প্ৰাপ্তবয়স্ক আৰু 14 জন নাবালক ৷ ইয়াৰে 3 জন শিক্ষক আৰু এজন কৰ্মচাৰীক গ্ৰেপ্তাৰ হৈছে (HSLC question paper leak case) ৷

কি দৰে ফাদিল হৈছিল প্ৰশ্নকাকত: আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সদৰী কৰা অনুসৰি মেট্ৰিকৰ প্ৰশ্নকাকতবোৰ ছেবাই প্ৰতিখন জিলাৰ আৰক্ষী থানাবোৰলৈ নিৰাপত্তাৰ মাজেৰে পঠিয়াই দিয়ে ৷ আৰক্ষী থানাবোৰত সেই থানাৰ অন্তৰ্গত পৰীক্ষা কেন্দ্ৰৰ তত্বাবধায়কসকলে থানাত থকা বাকচ বা আলমিৰাত প্ৰশ্নকাকতবোৰ ৰাখি থয় ৷ আলমিৰাৰ চাবি কেন্দ্ৰৰ তত্বাবধায়কৰ হাতত থাকে ৷ তাত কিমানটা প্ৰশ্নকাকতৰ চেট গৈছে সেই বিষয়ে পঞ্জীয়ন বহীত পঞ্জীয়ন কৰা হয় (Investigation of HSLC paper leak) ৷

প্ৰতিটো চেটত 10 খনকৈ প্ৰশ্নকাকত থাকে ৷ প্ৰণৱ দত্তই বিজ্ঞানৰ প্ৰশ্নকাকতৰ 29 টা চেট পাইছিল আৰু থানাত 28 টা চেট পোৱা বুলি পঞ্জীয়ন কৰিছিল ৷ বিজ্ঞানৰ এটা চেট আৰু অসমীয়া প্ৰশ্নকাকতৰ এটা চেট নিজৰ লগত লৈ আহিছিল আৰু তাৰপৰা কুমুদ ৰাজখোৱাক 5 হাজাৰ টকাৰ বিনিময়ত তেওঁ বিজ্ঞান আৰু অসমীয়াৰ প্ৰশ্নকাকত এখনকৈ দিছিল বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে ৷

আৰক্ষীয়ে সেই কথা বিশ্বাস কৰা নাই আৰু কোনো লোকক প্ৰণৱ দত্তই প্ৰশ্নকাকত দিয়াৰ লগতে কুমুদ ৰাজখোৱাৰ পৰা প্ৰশ্নকাকতৰ বিনিময়ত অধিক টকাৰ লেনদেন হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৷ ইফালে প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত তদন্ত আৰম্ভ হোৱাত প্ৰণৱ দত্তৰ হাতত বাকী থকা প্ৰশ্নকাকত জ্বলাই দিয়া বুলি স্বীকাৰ কৰিছে যদিও আৰক্ষীয়ে সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে (Assam SEBA paper leak) ৷

আনহাতে কুমুদ ৰাজখোৱাই প্ৰশ্নকাকত পোৱাৰ পাচত সেই প্ৰশ্নকাকত নিজ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক WhatsApp গ্ৰুপৰ জৰিয়তে বিতৰণ কৰাৰ লগতে কিছুমান নিৰ্দ্দিষ্ট মানুহলৈ প্ৰেৰণ কৰিছিল ৷ লখিমপুৰ , ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড় আদি স্থানৰ পৰা অনলাইন মাধ্যমেৰে ধনৰ লেনদেন হৈছিল ৷ প্ৰশ্নকাকত সন্দৰ্ভত তদন্ত আৰম্ভ হোৱাত কুমুদ ৰাজখোৱাৰ লগত থকা প্ৰশ্নকাকত জ্বলাই দিয়া হৈছিল বুলি প্ৰণৱ দত্তই স্বীকাৰ কৰিছিল (Accused of HSLC paper leak) ৷

সেই স্বীকাৰোক্তিৰ ভিত্তিত বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে খাবলুত থকা কুমুদ ৰাজখোৱাৰ ভাৰাঘৰত অভিযান চলাই আধাজ্বলা বিজ্ঞান আৰু অসমীয়াৰ প্ৰশ্নকাকত উদ্ধাৰ কৰিছে ৷

কিদৰে পোহৰলৈ আহিছিল প্ৰশ্নকাকত ফাদিলৰ ঘটনা: 12 মাৰ্চত বিজ্ঞানৰ প্ৰশ্নকাকত সামাজিক মাধ্যমযোগে বিয়পি পৰাত তাৰ তদন্তৰ বাবে আৰক্ষীয়ে ছেবাৰ লগত যোগাযোগ কৰাত ছেবাই বিয়পি পৰা হাতে লিখা প্ৰশ্নকাকতখন হয় বুলি নিশ্চিত হোৱাৰ পাচতে 13 মাৰ্চৰ পুৱা CID য়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে ৷

প্ৰতিখন থানাৰ অধীনত থকা প্ৰশ্নকাকতবোৰ ছীল কৰে আৰক্ষীয়ে ৷ তাৰ পাচতে দিছপুৰ থানাৰ অধীনত থকা ভাউৰীদেৱী ছেৰাউগী বিদ্যালয়ত থকা কেন্দ্ৰত 42 টা বিজ্ঞানৰ প্ৰশ্নকাকতৰ ছেট আছিল কিন্তু তাৰ পৰা প্ৰশ্নকাকতৰ এটা ছেট অন্তৰ্ধান হৈ আছিল ৷ তাৰ পাচতে সেই ঘটনাটোত 3 জনক গ্ৰেপ্তাৰ কৰা হয় ৷ সেই সন্দৰ্ভত তদন্ত অব্যাহত আছে (GP Singh on HSLC paper leak) ৷

ইফালে, তিনিচুকীয়া, ডিব্ৰুগড়, লখিমপুৰ, শদিয়া , ধেমাজিত কিদৰে প্ৰশ্নকাকত ভাইৰেল হৈছিল সেই সম্পৰ্কে কেইবাজন লোকক সোধা-পোচা কৰা হৈছিল ৷ কিদৰে ক’ৰ পৰা প্ৰশ্নকাকত ফাদিল হৈছিল সেই সম্পৰ্কে আৰক্ষীয়ে চেইন বনাই লৈছিল ৷ তাৰ পাচতে পোহৰলৈ আহিছিল যে কুমুদ ৰাজখোৱাৰ পৰা প্ৰশ্নকাকত ভাইৰেল হোৱাৰ তথ্য ৷ ইয়াৰ লগে লগে আৰক্ষীয়ে কুমুদ ৰাজখোৱাৰ শিক্ষয়ত্ৰী পত্নীক সোধা-পোচা কৰাত পত্নীয়ে কুমুদ ৰাজখোৱা কৰ্মৰত বিদ্যালয়ৰ শিক্ষক তথা কুমুদ ৰাজখোৱাৰ ভাল বন্ধু প্ৰসন্ন দাসৰ পৰা তথ্য পাব বুলি কোৱাত আৰক্ষীয়ে প্ৰসন্ন দাসক আটক কৰি সোধা-পোচা কৰাত প্ৰসন্ন দাসে প্ৰণৱ দত্তই কুমুদ ৰাজখোৱাক প্ৰশ্নকাকত দিয়া বুলি স্বীকাৰ কৰে ৷ তাৰ পাচতে প্ৰণৱ দত্তক আৰক্ষীয়ে আটক কৰি সোধা-পোচা কৰাত সকলো কথা স্বীকাৰ কৰে ৷

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত নাবালকক আটক কৰাক লৈ বিভিন্ন মাধ্যমত চৰ্চা হোৱা সন্দৰ্ভত সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে যিসকলে প্ৰশ্নকাকত বিচাৰি লৈ ভাইৰেল কৰিছে তেওঁ লোককহে গ্ৰেপ্তাৰ কৰা হৈছে ৷ তেওঁলোকক গ্ৰেপ্তাৰ নকৰিলে সমগ্ৰ ঘটনাৰ চেইনডাল বিচাৰি পোৱা নগ’ল হেতেন ৷

লগতে পঢ়ক: HSLC exam paper leaked: প্ৰশ্নকাকত ফাদিলৰ মূল অভিযুক্ত কুমুদ ৰাজখোৱাক মাৰাথন জেৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.