Pramod Boro in Rowta: ৰৌতাত নিৰ্মাণ কৰিব অৰ্গেনিক ইউনিভাৰ্চিটিৰ কেম্পাচ

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 1:35 PM IST

Updated : Sep 7, 2023, 3:02 PM IST

thumbnail

ৰৌতা,৭ ছেপ্টেম্বৰ: ৰৌতাবাসীৰ বাবে ভাল খবৰ । কেবাটাও বৃহৎ আঁচনিৰ কথা ঘোষণা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ । ৰৌতাত শীঘ্ৰেই আৰম্ভ হ'ব অৰ্গেনিক ইউনিভাৰ্চিটিৰ কেম্পাচৰ নিৰ্মাণকাৰ্য । ৫ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব এখন ষ্টেডিয়াম । ৰৌতাত এটি অত্যাধিক মানদণ্ডৰ চিনেমা হল নিৰ্মাণ কৰাৰ লগতে ৰৌতাৰ সৰ্বহেৰুৱাত বিকল হৈ থকা Cold Storage ক বিটিচি চৰকাৰে Foot Park লৈ পৰিৱৰ্তন কৰাৰ পৰিকল্পনাৰ কথাও উল্লেখ কৰে বড়োৱে ।  

ওদালগুৰি জিলাৰ ৰৌতাত এক দলীয় সভাত অংশগ্ৰহণ কৰি এই বৃহৎ আঁচনি হাতত লোৱাৰ কথা ঘোষণা কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে । ইয়াৰ উপৰিও ৰৌতাত সাহিত্য সভা, সামাজিক সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ ভৱন, কাৰ্যালয় নিৰ্মাণ কৰাৰ আঁচনি হাতত লোৱাৰ কথা সদৰী কৰে প্ৰমোদ বড়োৱে ।  

লগতে পঢ়ক: Drugs smuggling: বঙালমৰাৰ ছাদ্দামে কামুৰিলে আৰক্ষীক; ড্ৰাগছ সৰবৰাহকাৰীৰ সন্ধানত আটক অৰ্ধশতাধিকক

Last Updated : Sep 7, 2023, 3:02 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.