Power Minister effigy burnt:চিলাপথাৰৰ ৰাজপথত শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ জুমুঠি দাহ

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 5:02 PM IST

thumbnail

জোনাই, ১৩ ছেপ্টেম্বৰ : সৰ্বসাধাৰণ ৰাইজক বিদ্যুত যোগানত ব্যৰ্থ অসমৰ বিদ্যুৎ মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ জুমুঠি দাহ কৰি চিলাপথাৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে । নিয়মিত বিদ্যুৎ যোগানত হেমাহি, সঘনাই বিদ্যুৎ সেৱা কৰ্তন কৰাৰ লগতে গ্ৰাহকক বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ তুলি প্ৰখৰ ৰ’দকো নেওচি বুধবাৰে এইদৰেই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ।

চিলাপথাৰ জোনাই-সংযোগী পথত থকা বিদ্যুৎ বিভাগৰ কাৰ্য্যালয়ৰ সন্মুখত অৰ্ধ শতাধিক কৰ্মীয়ে বিদ্যুৎ বিভাগ হায় হায়, নন্দিতা গাৰ্লোচাই পদত্যাগ কৰক, অসম চৰকাৰ হায় হায়, বিধায়ক ভুৱন পেগু মুৰ্দাবাদ, বিজেপি চৰকাৰৰ কাম নাই, আমাৰ দাবী মানিবই লাগিব আদি বিভিন্ন শ্ল’গানেৰে কঁপাই তোলে আকাশ বতাহ । দীৰ্ঘ সময় বিক্ষোভ কাৰ্যসূচী ৰূপায়ণৰ ফলত ৰাজপথৰ দুয়োকাষে আৱদ্ধ হৈ পৰে শ শ যান-বাহন । ৰাইজৰ দুৰ্দশাৰ কথা নুবুজা শক্তি মন্ত্ৰীয়ে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি পদত্যাগ কৰাৰ দাবী তোলে যুৱ পৰিষদৰ সভাপতি উজ্জ্বল চুতীয়াই । লগতে অনিয়মীয়া বিদ্যুৎ সেৱা নিয়মীয়া নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সকীয়াই দিয়ে প্ৰতিবাদী ৰাইজে । শেষত বিদ্যুৎ বিভাগৰ এগৰাকী অভিযন্তাৰ যোগেদি জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰা হয় ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.