Power Minister effigy burnt:শক্তি মন্ত্ৰীৰ প্ৰতিকৃতি দাহ আছুৰ, 24 ঘন্টা নালাগে 24 মিনিটো নাথাকে বিদ্যুৎ

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 4:08 PM IST

thumbnail

ধেমাজি, 6 ছেপ্টেম্বৰ : সম্প্ৰতি গৰমৰ উত্তাপ যিমানেই বাঢ়িছে সিমানেই বিদ্যুৎৰ লুকাভাকু বাঢ়িছে । 24 ঘন্টাই বিদ্যুত যোগানৰ বিষয়ে দম্ভালি মৰা চৰকাৰখনে ২৪ মিনিটো বিদ্যুত যোগান ধৰিব নোৱাৰে বুলি ছাত্ৰ সন্থাই কটাক্ষ কৰে ৷ সেয়ে শক্তি বিভাগৰ কৰ্মকাণ্ডক লৈ ক্ষুণ্ণ হৈ পৰিছে জনতা ।

ধেমাজিতো শক্তি বিভাগৰ বিৰুদ্ধে সৰৱ হৈছে ৰাইজ ,দল-সংগঠন ৷ নিয়মীয়া বিদ্যুৎ যোগানত শক্তি বিভাগৰ চূড়ান্ত ব্যৰ্থতাৰ প্ৰতিবাদত বুধবাৰে ধেমাজি সদৰত শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিকৃতি দাহ কৰে আছুৱে ৷ ধেমাজি ,মৰিধল আৰু জীয়াঢল আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মীয়ে শক্তি বিভাগৰ কাম নাই, শক্তি মন্ত্ৰী হুঁচিয়াৰ, অসম চৰকাৰ হায় হায় আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

ইপিনে কলেজ আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ সময়ত অৰ্কমণ্য বিভাগটোক অচিৰেই বিদ্যুৎ যোগান নিয়মীয়া কৰিবলৈ দাবী জনায় ৷ অন্যাথা বিভাগৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলা হুংকাৰ দিয়ে আছুৱে ৷

লগতে পঢ়ক : AAMSU Protest:বিলাসীপাৰাত আমছুৰ অৰ্ধ উলংগ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.