ETV Bharat / state

AAMSU Protest:বিলাসীপাৰাত আমছুৰ অৰ্ধ উলংগ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 4:30 PM IST

aamsu hold protest in bilasipara demanding regular power supply
আমছুৰ অৰ্ধ উলংগ প্ৰতিবাদ

বিলাসীপাৰাত আমছুৰ উত্তাল প্ৰতিবাদ । বিলাসীপাৰা বৈদ্যুতিক উপ সংমণ্ডল কাৰ্যালয় ঘেৰাও কৰি আমছুয়ে সাব্যস্ত কৰে অৰ্ধ উলংগ প্ৰতিবাদ ৷

আমছুৰ অৰ্ধ উলংগ প্ৰতিবাদ

বিলাসীপাৰা, 2 ছেপ্টেম্বৰ : ৰাজ্যৰ ভিন্ন জিলাত বিভিন্ন বিষয়ক লৈ প্ৰতিদিনে প্ৰতিবাদ সাব্যস্ত হৈ আছে ৷ চৰকাৰখনৰ বহু কাৰুকাৰ্যই সাধাৰণ জনতাক অতিষ্ঠ কৰি তুলিছে ৷ বাৰে বাৰে চৰকাৰক আৱেদন-নিৱেদন কৰি আহিছে যদিও কোনো কাণসাৰ নাই চৰকাৰৰ ৷ ইয়াৰ পিচত জনতাৰ হাতত দল-সংগঠনৰ লগ হৈ প্ৰতিবাদ কৰাৰ বাহিৰে অন্য উপায় নাথাকে ৷ শেহতীয়াকৈ ৰাজ্যত মুল্যবৃদ্ধিয়ে কোঙা কৰিছে জনসাধাৰণক ৷ অসমৰ প্ৰায় প্ৰতিখন জিলাতে মুল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাইজ মাৰ বান্ধি থিয় হৈছে ৷ কিন্তু এইহেন জলন্ত সমস্যাটোকো আওকাণ কৰিছে এতিয়া চৰকাৰে জনতাক সুচাৰুৰূপে বিদ্যুতৰ যোগান ধৰা নাই ৷ গৰম আৰু মুল্যবৃদ্ধিয়ে সমানে দহিছে ৰাইজক ৷

বিলাসীপাৰাত অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ ৷ আমছুৱে কৰিলে উত্তাল প্ৰতিবাদ । বিলাসীপাৰা বৈদ্যুতিক উপ সংমণ্ডল কাৰ্যালয় ঘেৰাও কৰি আমছুয়ে অৰ্ধ উলংগ প্ৰতিবাদ সাব্যস্ত কৰে । বিলাসীপাৰা জিলা আমছুৰ উদ্যোগত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ । সঘনাই বিদ্যুৎ কৰ্তন, স্মাৰ্ট মিটাৰৰ নামত অধিক মাছুল বন্ধ কৰক, নিয়মীয়াকৈ বিদ্যুৎ যোগান নিয়মীয়া কৰক, বিদ্যুৎ বিভাগ হায় হায়, বিদ্যুৎ মন্ত্ৰীয়ে পদত্যাগ কৰক আদি বিভিন্ন শ্ল'গানেৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে প্ৰতিবাদকাৰীয়ে ।

প্ৰতিবাদ সাব্যস্ত কৰে আমছুৰ শ শ কৰ্মকৰ্তাসকলে । উল্লেখ্য যে, বিলাসীপাৰা চহৰখনৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাত বিদ্যুৎ যোগান নিয়মীয়াকৈ নধৰাৰ অভিযোগ দীৰ্ঘদিনীয়া । ২৪ ঘন্টাৰ ভিতৰত কেৱল কেইঘন্টামানহে বিদ্যুৎ যোগান ধৰা হয় । বিভাগটোৰ বিৰুদ্ধে এনে কেবাটাও অভিযোগ উত্থাপন কৰি শনিবাৰে ছাত্ৰ সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰী সকলে বিদ্যুৎ মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ শীঘ্ৰে পদত্যাগৰ দাবী কৰি বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ দাবী উত্থাপন কৰে । সংগঠনটোৱে উপ-সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ জৰিয়তে বিভাগীয় চি. জি. এমলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । ২৪ ঘণ্টাৰ ভিতৰত সমস্যা সমাধান নকৰিলে ভয়াৱহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক : Teok viral video:চোৰাং গৰু বেহাৰে জড়িত আমছু খিলঞ্জীয়াৰ নেতা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.