ETV Bharat / state

Protest at Kalgachia : কলগাছিয়াত শক্তি মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি আমছুৰ তীব্ৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 6:20 PM IST

Minister Nandita Garlosa Effigy Burned
শক্তি মন্ত্ৰীৰ প্ৰতিকৃতি দাহ

শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিকৃতি দাহ কৰি আমছুৱে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ ৷ নিয়মীয়া বিদ্যুৎ যোগানৰ দাবীত কলগাছিয়া জিলা আমছুৱে সাব্যস্ত কৰিলে এই প্ৰতিবাদী কাৰ্যসূচী ৷

শক্তি মন্ত্ৰীৰ প্ৰতিকৃতি দাহেৰে আমছুৰ তীব্ৰ প্ৰতিবাদ

জনিয়া, 4 ছেপ্টেম্বৰ : কলগাছিয়াত শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিকৃতি দাহ কৰি আমছুৱে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ ৷ নিয়মীয়া বিদ্যুৎ যোগানৰ দাবীত কলগাছিয়া জিলা আমছুৱে সাব্যস্ত কৰিলে এই প্ৰতিবাদী কাৰ্যসূচী ৷ বৰপেটা জিলাৰ সৰভোগ বিদ্যুৎ উপ সংমণ্ডলৰ এলেকাধীন কলগাছিয়াত সোমবাৰে পুৱা 11 বজাত কলগাছিয়া জিলা আমছুৱে শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

উল্লেখ্য যে, সৰভোগ বিদ্যুৎ উপ সংমণ্ডলৰ বিভিন্ন এলেকা ক্ৰমে কলগাছিয়া, বামুনটাৰী, বালিকুৰি, জনতা, সাওৰাচৰা, চিকনী, বালাগাঁও, বনগুঘি আদিকে ধৰি বিভিন্ন অঞ্চলত দীৰ্ঘদিন ধৰি বিদ্যুতৰ সমস্যাত ভূগি আহিছে ৰাইজে ৷ 24 ঘণ্টাত মাত্ৰ 3-4 ঘণ্টা বিদ্যুৎ যোগান ধৰে গাঁও সমূহত ৷ বিদ্যুতৰ এনে লুকাভাকুত অতিষ্ঠ হৈ কলগাছিয়া জিলা আমছুৱে কলগাছিয়া চাৰিআলিত শক্তিমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে ৷

নিয়মিত বিদ্যুৎ যোগান নধৰাৰ ফলত প্ৰচণ্ড গৰমত পানীত হাঁহ নচৰা অৱস্থা হৈছে ৰাইজৰ ৷ লগতে বিদ্যুতৰ লুকাভাকুত ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নৰ ক্ষেত্ৰত বিশেষ সমস্যাৰ সৃষ্টি হৈছে ৷ স্থানীয় ৰাইজে নিয়মীয়াকৈ বিদ্যুৎ বিচাৰি বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো বিভাগে কোনো গুৰুত্ব নিদিয়াত উপায়ন্তৰ হৈ সোমবাৰে শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

উল্লেখযোগ্য যে, বিগত প্ৰায় কেইবাদিনো ধৰি ৰাজ্যত প্ৰায়েই অনিয়মীয়া হৈছে বিদ্যুতৰ যোগান ৷ বিদ্যুতৰ সঘন লুকাভাকুত অতীষ্ঠ হৈ পৰিছে ৰাজ্যবাসী ৷ প্ৰচণ্ড গৰমৰ মাজতে অনিয়মীয়া বিদ্যতৰ যোগানে অৱস্থা কাহিল কৰি পেলাইছে ৰাইজৰ ৷ বিদ্যুতৰ অভাৱত ৰাইজৰ দৈনন্দিন কাম-কাজত ব্যাঘাত জন্মাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নতো ব্যাঘাত জন্মিছে ৷

বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ বাবে ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে বাৰম্বাৰ দাবী উত্থাপন কৰি আহিছে যদিও বিদ্যুৎ যোগান নিয়মীয়াকৰণত ব্যৰ্থ হৈছে চৰকাৰ ৷ ফলত প্ৰতিবাদমুখৰ হৈ উঠিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠন ৷

লগতে পঢ়ক : APCC Criticizes BJP Govt : কোটি কোটি টকাৰ ঋণ লোৱা বিজেপি চৰকাৰৰ বিদ্যুৎ ক্ৰয়ৰ সদিচ্ছা নাই; বেদব্ৰত বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.