ETV Bharat / state

APCC Criticizes BJP Govt : কোটি কোটি টকাৰ ঋণ লোৱা বিজেপি চৰকাৰৰ বিদ্যুৎ ক্ৰয়ৰ সদিচ্ছা নাই; বেদব্ৰত বৰা

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 3:33 PM IST

ঋণ লৈ চৰকাৰে কি কামত ব্যৱহাৰ কৰিছে সেই কথা অসমৰ ৰাইজক জনাব লাগে বুলি মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ উপাধ্যক্ষ বেদব্ৰত বৰাৰ ৷ ৰাইজৰ জনাৰ অধিকাৰ আছে চৰকাৰে এই ঋণ সমূহ কি কামত ব্যৱহাৰ কৰিছে বুলি কয় তেওঁ ৷

Bedabrata Borah Criticizes BJP Govt
বিজেপিক সমালোচনা কংগ্ৰেছ নেতা বেদব্ৰত বৰাৰ

বিজেপি চৰকাৰক সমালোচনা প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ উপাধ্যক্ষ বেদব্ৰত বৰাৰ

গুৱাহাটী, 4 ছেপ্টেম্বৰ : "মুখ্যমন্ত্ৰী গৰাকীয়ে শেহতীয়াকৈ 5 ছেপ্তেম্বৰত পুনৰ এহেজাৰ কোটি টকাৰ ঋণ ল’ব ৷ এই এহেজাৰ কোটি টকাৰ ঋণ লোৱাৰ লগে লগে অসমত ঋণৰ বোজা হ’বগৈ 1 লাখ 39 হাজাৰ 250 কোটি টকা ৷ অনুৎপাদনমূলক কামত যে চৰকাৰে এই ঋণ বিলাক লৈছে, এই ঋণ বিলাক লৈ চৰকাৰে কি কামত ব্যৱহাৰ কৰিছে সেই কথা অসমৰ ৰাইজক জনাব লাগে ৷" এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ উপাধ্যক্ষ বেদব্ৰত বৰাৰ ৷

তেওঁ কয় যে, তৰুণ গগৈ চৰকাৰৰ শেষৰ ফালে চৰকাৰে যেতিয়া 10 হাজাৰ কোটি টকাৰ ঋণ এৰি থৈ গৈছিল তেতিয়া বিজেপিয়ে হাহাকাৰ লগাইছিল ৷ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকাৰ পাঁচ বছৰত 8 হাজাৰ কোটি টকাৰ ঋণ লৈছিল ৷ আৰু বিগত দুবছৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 43 হাজাৰ কোটি টকাৰ ঋণ লৈছে ৷ চৰকাৰে এই অনুৎপাদনমূলক কামত ঋণ সমূহ লৈ কি কামত ব্যৱহাৰ কৰিছে তাক অসমৰ ৰাইজক জনাব লাগে বুলি কয় তেওঁ ৷

নেতাজনে কয় যে, কেগে দুখন প্ৰতিবেদনত চৰকাৰক সমালোচনা কৰিছে অনুৎপাদনমূলক কামত ঋণ লোৱাৰ বাবে ৷ গতিকে ৰাইজৰ জনাৰ অধিকাৰ আছে যে চৰকাৰে এই ঋণ সমূহ কি কামত ব্যৱহাৰ কৰিছে ৷ লগতে ঋণ লোৱাৰ পাছত এই ঋণৰ সদব্যৱহাৰ হ’ল নে নহ’ল তাক ৰাইজক জনাব লাগে বুলি কংগ্ৰেছ নেতাজনে ৷

তেওঁ পুনৰ কয় যে, বৰ্তমান ৰাজ্যত বিদ্যুতৰ অভাৱ হৈছে, চৰকাৰে বিদ্যুৎ ক্ৰয় কৰিব পৰা নাই ৷ কিন্তু ৰাইজে স্মাৰ্ট মিটাৰৰ যোগেদি আগতীয়াকৈ বিদ্যুৎ ক্ৰয় কৰিছে ৷ 24 ঘণ্টাই বিজেপি চৰকাৰে বিদ্যুৎ যোগান দিম বুলি কৈছিল ৷ তাৰ পিছতো কিন্তু ৰাইজক তেওঁলোকে বিদ্যুৎ যোগান ধৰিব পৰা নাই ৷ চৰকাৰে যি ঋণ লৈছে তাৰ জৰিয়তে তেওঁলোকে কিন্তু বিদ্যুতো ক্ৰয় কৰিব পৰা নাই ৷ গতিকে এই ঋণৰ পইচা ক’ত গৈছে তাক অসমৰ ৰাইজক অৱগত কৰিবলৈ মুখ্যমন্ত্ৰীক দাবী উত্থাপন কৰে নেতাজনে ৷

লগতে পঢ়ক : Mira Borthakur criticized BJP govt: অসমৰ উচ্চ শিক্ষানুষ্ঠানবোৰ ধ্বংস কৰাৰ ষড়যন্ত্ৰ BJP চৰকাৰৰ; মীৰা বৰঠাকুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.