Contractual employees: জীৱন-জীৱিকা ৰক্ষাৰ স্বাৰ্থত ডাক বিভাগৰ অংশকালীন কৰ্মচাৰীৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 2:06 PM IST

thumbnail

যোৰহাট, 5 ছেপ্টেম্বৰ: জীৱন জীৱিকা ৰক্ষা কৰাৰ স্বাৰ্থত মঙলবাৰে যোৰহাটত ভাৰতীয় ডাক বিভাগৰ অংশকালীন কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে । ভাৰতীয় ডাক বিভাগৰ কাৰ্যলয়ৰ সন্মুখত ভাৰতীয় ডাক বিভাগত কৰ্মৰত শিৱসাগৰ সংমণ্ডলৰ অংশকালীন কৰ্মচাৰীসকলে কেইবাটাও দাবী লৈ প্ৰতিবাদ সাব্যস্ত কৰে । অংশকালীন কৰ্মচাৰীসকলৰ মাহেকীয়া দৰমহা নিয়মীয়া কৰা, কৰ্মচাৰীৰ কামসমূহ ঠিকাদাৰৰ হাতত গতাই দিয়াৰ দৰে পদক্ষেপ বন্ধ কৰা, কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰাকে আদি কৰি কেইবাটাও দাবীৰে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী ।

অতি শীঘ্ৰে কৰ্মচাৰীসকলৰ উক্ত দাবীসমূহ পূৰণ কৰিবলৈ কেন্দ্ৰ চৰকাৰক দাবী জনোৱাৰ লগতে অতি শীঘ্ৰে এই সমস্যাসমূহৰ সমাধান নহ’লে আগন্তুক দিনত ইয়াতকৈ অধিক ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰা হ’ব বুলি চৰকাৰক সকীয়াই দিয়ে  । উল্লেখ্য যে, বৰ্তমান ভাৰতীয় ডাক বিভাগক কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ যো-জা চলিছে বুলি গুৰুতৰ অভিযোগ উথাপিত হৈছে ৷ 

লগতে পঢ়ক: Deprived teachers: চৰকাৰৰ বঞ্চনা; দিন-হাজিৰা কৰি সংসাৰ পোহপাল দিছে ৰাজ্যৰ একাংশ শিক্ষকে

TAGGED:

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.