Road condition of Teok: বোকাৰে লুতুৰি পুতুৰি হৈ শিক্ষাৰ্থীয়ে দিলেগৈ পৰীক্ষা, এইয়াই ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা

By

Published : Mar 23, 2023, 2:07 PM IST

thumbnail

টীয়ক, 23 মাৰ্চ : টীয়কত জৰাজীৰ্ণ হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা ৷ জীয়াতু ভুগিছে সাধাৰণ জনতাই ৷ ক’বলৈ গ’লে মৃত্যু দূতলৈ পৰিণত হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱা । বিভাগীয় হেমাহিৰ বাবেই যমৰ যন্ত্ৰণা ভূগিছে পথচাৰীয়ে । টীয়কৰ বাগান তিনিআলি, চটাইৰ সমীপত পথচোৱাৰ দুৰৱস্থাৰ বাবেই এতিয়া জীয়াতু ভুগিব লগা হৈছে সাধাৰণ পথচাৰীয়ে (Road condition of Teok) । পথৰ ওপৰত আছে একো একোটা বৃহৎ গাঁত ৷ এজাক বৰষুণতে কদৰ্যময় হৈ পৰে পথচোৱা । বহু কষ্ট ভূগিব লগা হৈছে উজনি-নামনিৰ যাত্ৰীৰ লগতে স্থানীয় অঞ্চলবাসীয়ে ।

উল্লেখযোগ্য যে, ঘাইপথ প্ৰাধিকৰণৰ লগতে পথ নিৰ্মাণত জড়িত হৈ থকা চুইটি কনষ্ট্ৰাকছনৰ বিৰুদ্ধে ৰাইজে অভিযোগ তুলিছে ৷ কোম্পানীটোৰ নিম্ন মানৰ কামৰ বাবেই নিৰ্মাণৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো হৈ পৰিছে মৃত্যুপথ । এই পথচোৱাত নিতৌ দুৰ্ঘটনা সংঘটিত হৈছে, যাৰ ফলত বহু সাধাৰণ জনতা চিৰদিনৰ বাবে ঘূণীয়া হ'বলগীয়া হৈছে (Jorhat Teok National Highway condition) । 

ইপিনে পথ নিৰ্মাণকাৰী সন্থা তথা এন এছ আই ডি চি এল কৰ্তৃপক্ষই কেৱল এচি কোঠাত বহি দিন পাৰ কৰাৰ ফলতে এইদৰে বাৰিষাৰ প্ৰথমজাক বৰষুণতে এইদৰে ৰাইজে যাতনা ভোগ কৰিবলগীয়া হৈছে বুলি অভিযোগ তুলি অনতি পলমে পথচোৱা মেৰামতি কৰিবলৈ আহ্বান জনাইছে সাধাৰণ জনতাই (Poor condition of national highway in teok)।

লগতে পঢ়ক : World water day 2023: বিশ্ব জল দিৱস উপলক্ষে বঙাইগাঁৱত সজাগতা সভা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.