World water day 2023: বিশ্ব জল দিৱস উপলক্ষে বঙাইগাঁৱত সজাগতা সভা

By

Published : Mar 23, 2023, 10:41 AM IST

thumbnail

বঙাইগাঁও, 23 মাৰ্চ : 22 ফেব্ৰুৱাৰী, এই দিনটোত পালন কৰা হয় বিশ্ব জল দিৱস (World Water Day) ৷ প্ৰতি বছৰৰ দৰে এইবাৰো সমগ্ৰ পৃথিৱীতে পালন কৰা হয় বিশ্ব জল দিৱস (World Water Day) ৷ দেশ তথা ৰাজ্যৰ লগতে জিলাসমূহেও উদযাপন কৰিছে বিশ্ব জল দিৱস ৷ বিশ্ব জল দিৱস উপলক্ষ্য বুধবাৰে বঙাইগাঁও জিলাৰ বিদ্যাপুৰ, ৰঙাপানী, শংকৰঘোলা আৰু বড়িগাঁৱত চাৰিখনকৈ সজাগতা সভা অনুষ্ঠিত হয় (World Water Day awareness meeting in Bongaigaon) । জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু জিলা পানী আৰু অনাময় সমিতিৰ উদ্যোগত বুধবাৰে পালন কৰা হয় বিশ্ব জল দিৱস ৷

বিশ্ব জল দিৱস উপলক্ষ্য জিলাখনৰ বিদ্যাপুৰ, ৰঙাপানী, শংকৰঘোলা আৰু বড়িগাঁৱত চাৰিখনকৈ সজাগতা সভা অনুষ্ঠিত কৰে বিভাগে (Awareness meeting in Bongaigaon on World Water Day) ৷ বহুকেইটা স্থানীয় এন জি অ’ৰ দ্বাৰা গাঁৱৰ ঘৰে ঘৰে গৈ পানী পৰীক্ষা কৰাৰ লগতে বিশুদ্ধ খোৱা পানী আৰু জল জীৱন মিছন আঁচনিৰ সজাগতা ৰেলী, সজাগতা সভাকে ধৰি আলোচনা চক্ৰ অনুষ্ঠিত কৰে বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে ৷ চৰকাৰৰ হৰ ঘৰ জল আচঁনিৰ অধীনত যাতে জিলাখনৰ পানীৰ অভাৱ থকা প্ৰত্যেক ঘৰে বিশুদ্ধ খোৱা পানী লাভ কৰে তাৰ প্ৰচেষ্টা অব্যাহত ৰখা বুলি উল্লেখ কৰে জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী বিষয়া শান্তনু সুত্ৰধৰে ৷

লগতে পঢ়ক : All India Vice Chancellors Conference at USTM: সন্মিলন উদ্বোধন কৰিব প্ৰাক্তন সভাপতি ৰামনাথ কোবিন্দে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.