ETV Bharat / state

All India Vice Chancellors Conference at USTM: সন্মিলন উদ্বোধন কৰিব প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে

author img

By

Published : Mar 23, 2023, 8:44 AM IST

Updated : Mar 23, 2023, 12:44 PM IST

USTM অনুষ্ঠিত হ’ব লগা ৰাষ্ট্ৰীয় উপাচাৰ্য সন্মিলনত উপস্থিত থাকি তিনিদিনীয়াকৈ আয়োজিত সন্মিলনখনি উদ্বোধন কৰিব ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দে (All India Vice Chancellors Conference at USTM) ৷

Vice Chancellor’s Conference
ৰাষ্ট্ৰীয় সন্মিলনত উপস্থিত থাকিব ৰামনাথ কোবিন্দ

USTM ৰ তিনিদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন

গুৱাহাটী, 23 মাৰ্চ: উত্তৰ পূৰ্বাঞ্চলৰ এখন অন্যতম আগশাৰীৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ইউনিভাৰ্চিটি অৱ্ চায়েঞ্চ এণ্ড টেকন’লজী মেঘালয় (USTM) ত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এখনি ৰাষ্ট্ৰীয় সন্মিলন ৷ আত্মনিৰ্ভৰ ভাৰতৰ বাবে পৰিৱৰ্তনশীল উচ্চ শিক্ষা শীৰ্ষক কাৰ্যসূচীৰে দেশৰ উপাচাৰ্যসকলৰ অংশগ্ৰহণেৰে আয়োজিত হ’ব লগা তিনিদিনীয়া ৰাষ্ট্ৰীয় সন্মিলনখন বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব (Three day national conference at USTM) ৷ ৰাষ্ট্ৰীয় সন্মিলনখন ইউনিভাৰ্চিটি অৱ্ চায়েঞ্চ এণ্ড টেকন’লজী মেঘালয়ত (USTM) ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দে উদ্বোধন কৰিব ।

দেশৰ ১৭ বছৰীয়া আগশাৰীৰ উচ্চ শিক্ষাৰ অনুষ্ঠান এছ’চিয়েছন অৱ্ ইণ্ডিয়ান ইউনিভাৰ্চিটিজ (AIU) আৰু USTM ৰ দ্বাৰা আয়োজিত এই বৃহৎ উচ্চ শিক্ষাৰ অনুষ্ঠানটিত বিভিন্ন বিশ্ববিদ্যালয়ৰ প্ৰায় ৬০০ গৰাকী উপাচার্যই অংশগ্ৰহণ কৰিব (Vice Chancellor’s Conference at USTM) । কাৰ্যসূচীৰ মাজতে AIU ৰ ৯৭ সংখ্যক বাৰ্ষিক সাধাৰণ সভা আৰু ৯৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এখনি বক্তৃতা অনুষ্ঠানো আয়োজন কৰা হ'ব ।

লগতে পঢ়ক : Assam cabinet decision: প্ৰাদেশিকীকৰণ হ’ব চাহ বাগিচা কৰ্তৃপক্ষই পৰিচালনা কৰা 419 খন বিদ্যালয়

সন্মিলনৰ মুকলি সভাত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ড৹ ৰণোজ পেগুৱে বিশেষ অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰিব । তাৰোপৰি AIU ৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰীৰ অর্থনৈতিক উপদেষ্টা পৰিষদৰ অধ্যক্ষ পদ্মশ্ৰী ড৹ বিবেক দেৱৰায়ে । লগতে USTM ৰ আচার্য মাহবুবুল হকে অনুষ্ঠানটোৰ আদৰণি ভাষণ আগবঢ়াব । সভাপতিৰ ভাষণ প্ৰদান কৰিব AIU ৰ সভাপতি তথা কলকাতাৰ যাদবপুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক সুৰঞ্জন দাসে ।

এই অধিবেশনৰ বিষয়সমূহ হ'ল আন্তঃ ৰাষ্ট্ৰীয়কৰণত জড়িত থকাৰ পদ্ধতিসমূহ, নূন্যতম চৰকাৰ সৰ্বাধিক শাসন আৰু বিশ্ববিদ্যালয়সমূহৰ বাবে ইয়াৰ অৰ্থ, ভাৰতীয় ভাষাৰ প্ৰচাৰ, সামগ্ৰিক শিক্ষাৰ বাবে সংস্কাৰ, গৱেষণা, উৎকৰ্ষতা আৰু শিক্ষাৰ ভৱিষ্যতৰ বাবে এক পৰিৱেশ সৃষ্টি কৰা । সন্মিলনখনৰ সামৰণি অনুষ্ঠানত অসমৰ ৰাজ্যপাল শ্ৰী গুলাব চান্দ কাটাৰিয়াই ভাষণ প্ৰদান কৰিব ।

লগতে পঢ়ক : Press meet on G20 : ডিব্ৰুগড়ত দুদিনীয়াকৈ হ’ব আন্তঃৰাষ্ট্ৰীয় G20 সন্মিলন

Last Updated : Mar 23, 2023, 12:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.