ETV Bharat / state

Press meet on G20 : ডিব্ৰুগড়ত দুদিনীয়াকৈ হ’ব আন্তঃৰাষ্ট্ৰীয় G20 সন্মিলন

author img

By

Published : Mar 22, 2023, 10:10 PM IST

Press meet on G 20
ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় G 20 সন্মিলন

G-20 সন্দৰ্ভত ডিব্ৰুগড় উপায়ুক্তৰ গুৰুত্বপূৰ্ণ সংবাদমেল (Dibrugarh DC press meet on G 20) ৷

ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় G 20 সন্মিলন

ডিব্ৰুগড়, 22 মাৰ্চ : ডিব্ৰুগড়ত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় G20 সন্মিলন ৷ ডিব্ৰুগড়ত ২৪ আৰু ২৫ মাৰ্চত অনুষ্ঠিত হব G20 ৰ সন্মিলন ৷ বিশ্বৰ ২৯ খন ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিবলগীয়া এই সন্মিলনখনক লৈ তৎপৰ হৈ পৰিছে ডিব্ৰুগড় জিলা প্ৰশাসন । আজি ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ত এই সন্দৰ্ভত উপায়ুক্ত বিশ্বজিত পেগুৱে আয়োজন কৰে এখন সংবাদ মেল (Dibrugarh DC press meet on G 20) ।

সংবাদ মেলখনত অহা ২৪ আৰু ২৫ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া আন্তৰাষ্ট্ৰীয় জি-২০ ৰ প্ৰস্তুতিৰ কথা সংবাদ মাধ্যমৰ আগত অৱগত কৰে উপায়ুক্ত জিলা বিশ্বজিত পেগুৱে । ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে আয়োজন কৰা এই দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ২০ খন ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ উপৰি ৯ খন ৰাষ্ট্ৰই নিমন্ত্ৰিত প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ পৰা গৈছে । মনোহাৰী টী ষ্টেটত অনুষ্ঠিত হ'বলগীয়া সন্মিলন খনৰ প্ৰথম দিনা ৬ খনকৈ বৈঠক অনুষ্ঠিত হ'ব বুলি সংবাদ মেলত উল্লেখ কৰে জিলা উপায়ুক্ত গৰাকীয়ে (Dibrugarh DC Biswajit Pegu press meet) ।

তদুপৰি প্ৰতিনিধিসকলৰ বাবে ডিব্ৰুগড়ৰ চাহ বাগিচা পৰিভ্ৰমণৰ কাৰ্যসূচীও গ্ৰহণ কৰা হৈছে বুলি উপায়ুক্ত বিশ্বজিত পেগুৱে উল্লেখ কৰে । কাৰ্যসূচীৰ দ্বিতীয় দিনাৰ সন্ধিয়া বগীবিলত নৈশ ভোজৰ আয়োজন কৰা বুলি উপায়ুক্ত গৰাকীয়ে প্ৰকাশ কৰে । উল্লেখযোগ্য যে, বিশ্ব অৰ্থনীতিয়ে সন্মুখীন হৈ অহা সমস্যাকে ধৰি, গোলকীয় উষ্ণতা বৃদ্ধি, সন্ত্ৰাসবাদ নিৰ্মূলকৰণ, বহনক্ষম উন্নয়ন আদি বিষয়ৰ ওপৰত আলোচনা কৰাৰ উদ্দেশ্যে গঠন কৰা হৈছে G-20 (International G 20 Summit in Dibrugarh) ।

G20 ৰ অন্তৰ্গত সদস্য ৰাষ্ট্ৰ 20 খন হ’ল - আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, ব্ৰাজিল, কানাডা, চীন, ফ্ৰান্স, জাৰ্মানী, ভাৰত, ইণ্ডোনেছিয়া, ইটালী, জাপান, দক্ষিণ কোৰিয়া, মেক্সিকো, ৰাছিয়া, চৌদি আৰৱ, দক্ষিণ আফ্ৰিকা, তুৰ্কী, ব্ৰিটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগতে ইউৰোপীয়ান ইউনিয়ন । প্ৰথম বাৰলৈ অনুষ্ঠিত হোৱা G-20 সন্মিলনৰ অধ্যক্ষতা কৰিছে ভাৰতে (International G 20 Summit in Assam) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.