মানকাচৰত শোকাৱহ ঘটনা, ব্ৰহ্মপুত্ৰত সলিল সমাধি দেহৰক্ষী জোৱানৰ

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 3:45 PM IST

Updated : Jan 7, 2024, 4:37 PM IST

thumbnail

পশ্চিম বিলাসীপাৰা, 7 জানুৱাৰী : দেওবাৰে পুৱাই মানকাচৰত সংঘটিত হ’ল অঘটন ৷ ব্ৰহ্মপুত্ৰত সলিল সমাধি ঘটিল এগৰাকী দেহৰক্ষী জোৱানৰ ৷ বাউচকাটাৰ কাছাৰীপাৰাত সংঘটিত হয় অঘটনটো ৷ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ আৰক্ষী অধীক্ষক আৰু উপ-আৰক্ষী অধীক্ষকে বন্দিহানা আৰক্ষী চকী পৰিদৰ্শন কৰিবলৈ যোৱাৰ সময়ত সংঘটিত হয় অঘটনটো । নাৱত ভৰি পিচলি ব্ৰহ্মপুত্ৰত পৰি মৃত্যুক আকোঁৱালি লোৱা দেহৰক্ষীগৰাকীৰ নাম কুশল কলিতা ।

জিলাখনৰ উপ-আৰক্ষী অধীক্ষক চন্দ্ৰ কুমাৰ কলিতাৰ ব্যক্তিগত দেহৰক্ষী আছিল জোৱানজন ৷ দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জৰ পৰা বন্দিহানালৈ নাৱৰে গৈ থকাৰ সময়তে বাউচকাটাৰ কাছাৰীপাৰাত সংঘটিত হয় শোকাৱহ ঘটনাটো । জোৱানজন হঠাৎ ব্ৰহ্মপুত্ৰত পৰি যোৱাৰ লগেলগে কাষৰীয়া লোকৰ লগতে আৰক্ষীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও জোৱানজনক গভীৰ পানীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল ।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত SDRFৰ লোকে কেইবা ঘন্টা ধৰি অভিযানত চলাই দুপৰীয়া 12 বাজি 5 মিনিটত উদ্ধাৰ কৰে কুশল কলিতাৰ মৃতদেহ । জানিব পৰা মতে নাওখনত থকা আৰক্ষী অধীক্ষকগৰাকীৰ ফটো উঠাবলৈ লওতেই পিচলি পানীত পৰি যায় জোৱানজন ।

লগতে পঢ়ক: গোৱালপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এজনে

Last Updated : Jan 7, 2024, 4:37 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.