Fake call centre: গণেশগুৰিত ভুৱা কল চেন্টাৰৰ বিৰুদ্ধে অভিযান ক্ৰাইম ব্ৰান্সৰ

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 7:29 PM IST

thumbnail

গুৱাহাটী, ৩ অক্টোবৰ: অবৈধ কল চেণ্টাৰৰ বিৰুদ্ধে ৰাজধানী চহৰখনত অপৰাধ শাখাৰ অভিযান অব্যাহত আছে । দ্বিতীয় দিনাও গণেশগুৰিৰ চুজাতা ভৱনৰ কল চেন্টাৰৰ বিৰুদ্ধে অভিযান চলিল ক্ৰাইম ব্ৰান্সৰ অভিযান । সোমাবাৰেও একেটা কল চেন্টাৰত অভিযান চলাইছিল ক্ৰাইম ব্ৰান্সে। এই অভিযানৰ সময়ত জব্দ কৰা হৈছিল হাৰ্ড ডিক্স, লেপটপটকে ধৰি বিভিন্ন সামগ্ৰী । সমান্তৰালভাৱে ছীল কৰা হৈছিল চেন্টাৰটো ।

দীৰ্ঘদিন ধৰি এই কল চেন্টাৰটো চলাই আহিছিল চাইবাৰ অপৰাধৰ মাষ্টাৰ মাইণ্ড দেৱজ্যোতি দে ওৰফে ডেভিদে । উল্লেখ্য যে ছয়মাইল, বেলতলাৰ দুঠাইত অপৰাধ শাখাই অবৈধ কল চেণ্টাৰ উৎখাত কৰাৰ পিচত সোমবাৰে আৰু মঙলবাৰে গণেশগুৰিৰ সুজাতা ভৱনত চলে অভিযান । সুজাতা ভৱনৰ দ্বিতীয় মহলাত থকা এটা কল চেণ্টাৰৰ পৰা অপৰাধ শাখাৰ দলে কম্পিউটাৰকে ধৰি বিভিন্ন সামগ্রী জব্দ কৰে ।  

ইফালে, অবৈধ কল চেণ্টাৰৰ আঁৰত গঢ়ি উঠা চাইবাৰ অপৰাধীৰ বৃহৎ নেটৱৰ্কত জড়িত থকা তছদিকুৰ ৰহমান নামৰ গুৱাহাটীৰ গান্ধীবস্তিৰ যুৱকজনে পলায়ন কৰা সন্দৰ্ভত মহানগৰ আৰক্ষীৰ শীৰ্ষ বিষয়াই সুকীয়াকৈ তদন্ত আৰম্ভ কৰিছে । যোৱা ১৪ ছেপ্টেম্বৰৰ নিশা অবৈধ কল চেণ্টাৰৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে বৃহৎ অভিযান আৰম্ভ কৰাৰ কেইমুহূৰ্তমান আগত গান্ধীবস্তিৰ ফ্লেটৰ পৰা পলায়ন কৰিছিল তছদিকুৰ ৰহমানে ।

লগতে পঢ়ক:Drive against child marriage: মৰিগাঁৱত গ্ৰেপ্তাৰ 34 গৰাকী বাল্য বিবাহৰ সৈতে জড়িত লোক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.