Drive against child marriage: মৰিগাঁৱত গ্ৰেপ্তাৰ 34 গৰাকী বাল্য বিবাহৰ সৈতে জড়িত লোক

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 4:54 PM IST

thumbnail

মৰিগাঁও, 3 অক্টোবৰ : বাল্যবিবাহৰ বিৰুদ্ধে পুনৰ অভিযান তীব্ৰতৰ কৰি তুলিছে মৰিগাঁও আৰক্ষীয়ে । সোমবাৰৰ নিশা দ্বিতীয়বাৰৰ বাবে ৩৪ গৰাকী বাল্য বিবাহকাৰীক গ্ৰেপ্তাৰ মৰিগাঁও জিলা আৰক্ষীৰ । মৰিগাঁও জিলা অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই সংবাদ মাধ্যমক জনোৱা অনুসৰি মৰিগাঁও সদৰ আৰক্ষী থানাত বাতৰি যুগুত কৰাৰ সময়লৈকে ৪টা গোচৰ পঞ্জীয়ন হোৱাৰ বিপৰীতে জিলাখনৰ বিভিন্ন আৰক্ষী থানাত ২৬ টা বাল্য বিবাহৰ গোচৰ ৰুজু হৈছে ।

তেওঁ লগতে কয় যে যোৱা বছৰ আৰক্ষীৰ অভিযানৰ পিচত ৰাইজ সজাগ হৈছিল । সেই অনুসৰি যথেষ্ট সংখ্যক অভিযোগ আৰক্ষীৰ হাতত মজুত আছে । ইফালে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰী কৰে যে বাল্য বিবাহৰ গোচৰ অধিক সংঘটিত হোৱা অঞ্চলসমূহ হৈছে মৈৰাবাৰী, লাহৰীঘাট, ভূৰাগাঁও, মায়ং আৰু জাগীৰোড আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন এলেকা । এই অভিযান পুনৰ আৰম্ভ কৰা হৈছে আৰু ই নিৰৱচ্ছিন্নভাৱে চলি থাকিব ।

অভিযুক্ত সকলৰ বিৰুদ্ধে POCSO আৰু CHILD MARRIAGE ACT ৰ ধাৰা অনুসৰি গ্ৰহণ কৰা হ’ব আইনী ব্যৱস্থা । এতিয়া বাল্য বিবাহৰ সৈতে জড়িত থকাৰ অভিযোগত আটক কৰা অবৈধ স্বামীৰ সন্দৰ্ভত মৰিগাঁৱৰ ক্ৰাইম শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য‌ৰ নেতৃত্বত অভিযুক্তসকলৰ যাৱতীয় নথি-পত্ৰসমূহৰ পৰীক্ষা চলাই থকা হৈছে বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে আৰক্ষী বিষয়াগৰাকীয়ে ।

লগতে পঢ়ক : Operation against child marriage : কলগাছিয়াত বাল্য বিবাহৰ বিৰুদ্ধে অভিযান; কাজীসহ মুঠ 20 জনক আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.