Operation against child marriage : কলগাছিয়াত বাল্য বিবাহৰ বিৰুদ্ধে অভিযান; কাজীসহ মুঠ 20 জনক আটক

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 7:14 AM IST

thumbnail

জনিয়া, 3 অক্টোবৰ : পুনৰ বাল্য বিবাহ আইন ভংগ কৰা স্বামীয়ে পিন্ধিব লাগিব হেণ্ডকাফ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ সোমবাৰে নিশা বাল্য বিবাহ আৰু বে-আইনী স্বামীৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষীয়ে চলায় অভিযান । আৰক্ষীয়ে এই অভিযানৰ সময়ত 8 গৰাকী বাল্য বিবাহ আইন ভংগ কৰা স্বামী, 10 গৰাকী অভিভাৱক আৰু 2 জন কাজীৰ লগতে সৰ্বমুঠ 20 জন লোকক আটক কৰে ।

উল্লেখ্য যে, প্ৰথম অভিযানত আৰক্ষীয়ে উজনিৰ পৰা নামনিলৈ, ব্ৰহ্মপুত্ৰৰ পৰা বৰাকলৈ, গাঁৱে-ভূৱে অলিয়ে গলিয়ে বে-আইনী স্বামীৰ বিৰুদ্ধে চলাইছিল বৃহৎ অভিযান । এই অভিযানত গ্ৰেপ্তাৰ হৈছিল বাল্য বিবাহ আইন ভংগ কৰা স্বামীৰ লগতে বাল্য বিবাহৰ লগত জড়িত অভিভাৱকসকলো ।

সোমবাৰে নিশাও পুনৰ সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ বিভিন্ন এলেকাত অভিযান চলাই আৰক্ষীয়ে কেবাজনো বাল্য বিবাহ আইন ভংগ কৰা স্বামীৰ লগতে বাল্য বিবাহৰ লগত জড়িত অভিভাৱকক আটক কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে, মঙলবাৰে পুৱতি নিশালৈকে চলিল আৰক্ষীৰ এই অভিযান ।

লগতে পঢ়ক : Child Marriage: বাল্য বিবাহ আইন অমান্য কৰি ৰঙাঘৰলৈ যুৱক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.