PNRD Corruption in Majuli:মাজুলীত পঞ্চায়ত গৃহ নিৰ্মাণত ব্যাপক অনিয়ম

By

Published : Jul 14, 2023, 4:52 PM IST

thumbnail

মাজুলী,14 জুলাই: মাজুলীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কাম কি গতিত চলিছে ! দুৰ্নীতিত নিমজ্জিত হৈ পৰিছে নেকি একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে ৷ এইবাৰ মাজুলীৰ দক্ষিণপাট গাঁও পঞ্চায়তৰ কাৰ্যালয় গৃহ নিৰ্মাণত চৰম দুৰ্নীতি হোৱাৰ অভিযোগ উঠিছে ৷ পঞ্চায়তৰ সভাপতি পবিত্ৰ ৰাজখোৱাৰ নেতৃত্বত লুণ্ঠন ৰাজ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ কাৰণ ম্যাদ উকলা পঞ্চায়ত কাৰ্যালয়ৰ ওপৰতেই পুনৰ ইটা জাপি তেল-চূণ সানিব বিচাৰিছে ৷

কেৱল ইমানে নহয় পঞ্চায়ত ঘৰটো পুৰণি পকী মজিয়া নভঙাকৈ বালিৰে ঢাকি পুনৰ ইটা জাপি পকী মজিয়া নিৰ্মাণৰ চেষ্টা কৰা বুলি সভাপতি গৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে ৰাইজে । প্ৰায় ১৩ লাখ টকাৰ ব্যয়েৰে নিৰ্মাণ হ’ব লগীয়া কাৰ্যলয়টোৰ নিৰ্মাণত অনিময় দেখি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ সেয়ে পঞ্চায়ত গৃহ নিৰ্মাণত কৰা দুৰ্নীতিৰ বাবে জিলা উপায়ুক্তৰ হস্তক্ষেপ বিচাৰিছে স্থানীয় ৰাইজে ৷ 

লগতে পঢ়ক:Pijush Hazarika: মাজুলীত চলি থকা ব্ৰহ্মপুত্ৰ বৰ্ডৰ কাম হস্তান্তৰ কৰা হ’ব জল সম্পদ বিভাগলৈ; পীযুষ হাজৰীকা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.