Laser show at Rang Ghar: ৰংঘৰত প্ৰধানমন্ত্ৰী মোডীৰ মন কী বাত অনুষ্ঠানক লৈ ৰাজ্যত মিশ্ৰিত প্ৰতিক্ৰিয়া

By

Published : Apr 30, 2023, 12:52 AM IST

thumbnail

শিৱসাগৰ, 29 এপ্ৰিল: মন কী বাতৰ ১০০ সংখ্যক খণ্ডৰ প্ৰচাৰৰ প্ৰাক মুহূৰ্তত শিৱসাগৰৰ ৰংঘৰ বাকৰিত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে (Maan ki baat) । ৰংঘৰৰ লগতে দেশৰ আৰু কেইবাটাও অমূল্য সম্পদত লেজাৰ শ্ব’ প্ৰদৰ্শন কৰা হৈছে ৷  মন কী বাতৰ পৰিক্ৰমা সন্দৰ্ভত প্ৰদৰ্শন কৰা হৈছে এখন তথ্যচিত্ৰ (laser show at Rang Ghar)।

১০০ সংখ্যক খণ্ড উপলক্ষে ৰংঘৰ বাকৰি বিশেষভাৱে সজাই পৰাই তোলা হৈছে । এই অনুষ্ঠান ৰংঘৰৰ লগতে দেশৰ অন্য ১৩ টা স্থানতো অনুষ্ঠিত হৈছে । লেজাৰ শ্ব’ত চৰকাৰৰ পুৰাতত্ব বিভাগে ধৰ্মীয় কীৰ্তিচিহ্ন বোৰো উপস্থাপন কৰিছে ৷ কিন্তু অসমত আহোম ৰজাৰ মান ৰংঘৰত হিন্দুত্ববাদৰ কীৰ্তিচিহ্নৰ দৃশ্যায়ন কোনোৱে সহজে মানি ল’ব পৰা নাই (rang ghar controversy) ৷

সাধাৰণ জনতাৰ লগতে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে (laser show at rang ghar creates controversy) ৷ চৰকাৰৰ ধৰ্মীয় মেৰুকৰণৰ অংকলৈ অসমীয়া জাতিৰ স্বাভিমান টানি নানিবলৈ সকলোৱে একেমুখে সকীয়নি দিছে চৰকাৰক ৷

লগতে পঢ়ক : Rang Ghar controversy: ৰংঘৰৰ আলোক সজ্জাকলৈ শিৱসাগৰত চৰকাৰ বিৰোধী প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.