New year Celebration: পুৱাৰ পৰাই ত্ৰিশূলধাৰী মন্দিৰত ভক্তৰ ভিৰ

By

Published : Jan 1, 2023, 5:36 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

আজি পহিলা জানুৱাৰী ৷ বছৰটো সুখে-শান্তিৰে পাৰ হ’বলৈ নেদেখাজনৰ ওচৰত আশীষ ল’বলৈ ৰাজ্যবাসীয়ে ভিৰ কৰিছে ৰাজ্যৰ ভিন্ন মঠ-মন্দিৰত ৷ বাদ পৰি ৰোৱা নাই শিলঘাটৰ ত্ৰিশূলধাৰী মন্দিৰো (New year 2023 Celebration in kaliabor) ৷ পহিলা জানুৱাৰীৰ পুৱাই অগনন ভক্তই মা কামাখ্যাৰ আশীষ বিচাৰি ভিৰ কৰিছেহি ত্ৰিশূলধাৰী মন্দিৰত (People gathering at Trishuldhari Shiva Temple) ৷ কথিত আছে যে, অষ্টম শতিকাতে শালস্তম্ভ বংশীয় ৰজা বনমালদেৱে শিলঘাটৰ কামকূট, এতিয়াৰ কামাখ্য পাহাৰত স্থাপন কৰিছিল কামাখ্যা মন্দিৰ । মা কামাখ্যাৰ ঘোৰ উপাসক বনমালদেৱে এই মন্দিৰত কামাখ্যা দেৱীৰ বিগ্ৰহ স্থাপন কৰিছিল । প্ৰাকৃতিক কাৰণত ধ্বংস হোৱা কামাখ্যা পীঠ পিচত আহোম ৰাজত্ব কালত ১৭৪৫ খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰমত্ত সিংহই শিলঘাটতে পুনৰ নিৰ্মাণ কৰে কামাখ্যা দেৱালয় । কামাখ্যা দেৱালয়ৰ কাষতে লুইত পাৰৰ ত্ৰিশূলধাৰী মন্দিৰতো বিভিন্ন স্থানৰ ভক্তৰ সমাগম দেখিবলৈ পোৱা গ’ল নৱবৰ্ষৰ পহিলা দিনটোত ৷ তদুপৰি, অসমৰ বিভিন্ন স্থানৰ পৰা আহি শিলঘাটৰ লুইত পাৰত বনভোজৰ দলৰ উৎসাহ পৰিলক্ষিত হয় ।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.