Drugs seize: দীপাৱলীৰ উলহ মালহৰ মাজতে নগাঁৱত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক এজন

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 11:23 AM IST

thumbnail

নগাঁও, 13 নৱেম্বৰ : ৰাজ্যজুৰি অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ দীপাৱলীৰ উলহ মালহৰ মাজতে দেওবাৰে নিশা নগাঁৱৰ টকৌবাৰীত এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষীয়ে মোজাম্মিল হকৰ বাসগৃহত ড্ৰাগছৰ বিৰোধী অভিযান চলায় । 

হয়বৰগাঁও আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জগদীশ কলিতা আৰু কাতিমাৰীস্থিত 34 নং চি আৰ পিৰ বিষয়া জগৎ চন্দ্ৰ ডেকা, কমল মোচাহাৰীৰ নেতৃত্বত চলা এই অভিযানত 30 টা চাবোনৰ বাকচত হেৰ’ইন জব্দ কৰে ৷ লগতে আৰক্ষীয়ে জোৎস্নাৰা বেগম নামৰ এগৰাকী মহিলা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । জব্দকৃত হেৰ’ইনখিনিৰ বজাৰ মূল্য প্ৰায় 15 লাখ টকা হ'ব বুলি আৰক্ষীয়ে অনুমান কৰিছে । সম্প্ৰতি আটকাধীন মহিলা সৰবৰাহকাৰীগৰাকীক সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: Attempt to rape: ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰীক ধৰ্ষণৰ অপচেষ্টা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.