Park Renovation at Goreswar: ন-ৰূপত গোৰেশ্বৰৰ জৌহলাউ ফুৰি উদ্যান

By

Published : Dec 4, 2022, 4:54 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

ৰাইজৰ বাবে ন-ৰূপত সজাই তোলা হৈছে গোৰেশ্বৰৰ শুক্লাইপাৰাস্থিত জৌহলাউ ফুৰি উদ্যান(Park Renovation at Goreswar) ৷ 1 কোটিৰো অধিক ধন ব্যয় সাপেক্ষে বিটিআৰ প্ৰশাসনে অতি আকৰ্ষণীয় ৰূপত সজাই তুলিছে উদ্যানখন ৷ উল্লেখ্য যে চলিত মাহৰ অন্তিম সপ্তাহত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে আনুষ্ঠানিকভাৱে মুকলি কৰিব উদ্যানখন(BTR chief Pramod Bodo) । গোৰেশ্বৰ-বগামাটি সংযোগী পথত অৱস্থিত শুক্লাই নৈৰ পাৰৰ নৈসৰ্গিক সৌন্দৰ্যৰে ভৰা জৌহলাউ ফুৰি উদ্যানে প্ৰতিবছৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৰাইজক আকৰ্ষিত কৰি আহিছে । জনপ্ৰিয় পৰ্যটনস্থলী বগামাটীৰ পৰা উভতি আহি প্ৰতিটো বনভোজৰ দলেই এবাৰ হলেও প্ৰৱেশ কৰে উদ্যানখনত । উদ্যানখনৰ সন্দৰ্যই মুগ্ধ কৰে প্ৰতিগৰাকী পৰ্যটকক ।

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.