Pangolin rescued: শিৱসাগৰত উদ্ধাৰ দুষ্প্ৰাপ্য বনৰৌ

By

Published : May 23, 2023, 3:58 PM IST

thumbnail

শিৱসাগৰ, 23 মে’: শিৱসাগৰৰ মেটেকাত উদ্ধাৰ কৰা হৈছে এটা দুষ্প্ৰাপ্য বনৰৌ ৷ সোমবাৰে নিশা শিৱসাগৰৰ জয়সাগৰৰ মেটেকাৰ মাজগাঁৱৰ এজন লোকৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে এই দুষ্প্ৰাপ্য বনৰৌটো (Pangolin in Sivasagar )। নিশা প্ৰায় দহ মান বজাত বনৰৌটো এঘৰ লোকৰ ঘৰৰ ভিতৰত প্ৰত্যক্ষ কৰি বন্যপ্ৰাণী সুৰক্ষাত কৰ্মৰত লোকক খবৰ দিয়ে গৃহস্থই (Pangolin rescued in Sivasagar)। 

বন্যপ্ৰাণী সুৰক্ষাৰ হকে উদ্ধাৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি কাম কৰি অহা যুৱক আকাশ দাস, বিশ্বজিৎ বৰুৱা, মৃন্ময় জ্যোতি দাস আৰু সুৰজ সিংহই লোকজনৰ ঘৰৰ পৰা সযতনে বনৰৌটো উদ্ধাৰ কৰি বন বিভাগক বনৰৌটো গতাই দিয়ে ৷ সময়ৰ ধামখুমীয়াত ক্ৰমাৎ বিলুপ্ত হৈ যোৱা বন্যপ্ৰাণীটো যথাসময়ত উদ্ধাৰ কৰা চাৰি যুৱকক একমুখে শলাগ লৈছে অঞ্চলটোৰ লোকে ৷

লগতে পঢ়ক: Tiger at Kaliabor: কলিয়াবৰত মাৰ যোৱা নাই বনৰজাৰ আতংক; আকৌ জনাঞ্চলত বনৰজা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.