ডাঙৰ ডাঙৰ কথা কোৱা ভূপেন বৰা নিমাত কিয়: সাংসদ মাৰ্ঘেৰিটা

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 3:45 PM IST

thumbnail

গুৱাহাটী, 9 ডিচেম্বৰ : ঝাৰখণ্ডৰ কংগ্ৰেছ দলৰ ৰাজ্যসভাৰ সাংসদ ধীৰাজ প্ৰসাদ চাহুৰ বাসগৃহৰ পৰা প্ৰায় 200 কোটি উদ্ধাৰ হোৱাৰ পাচতে সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ সমগ্ৰ দেশৰ লগতে অসমতো শনিবাৰে বিজেপিৰ নেতা-কৰ্মীসকলেও প্ৰতিবাদ সাব্যস্ত কৰে ৷ অসমৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ নেতৃত্বত আজি গুৱাহাটীৰ আদাবাৰীস্থিত অটল উদ্যানৰ সমীপত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বিজেপিৰ নেতা-কৰ্মীসকলে ৷

I.N.D.I.A মিত্ৰজোঁটৰ নেতাৰ দুৰ্নীতি নচলিব, কংগ্ৰেছ দলৰ দুৰ্নীতি নচলিব আৰু শীঘ্ৰে দোষীক কঠোৰ শাস্তি প্ৰদান কৰাক আদি দাবীৰে বিজেপি কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ এইক্ষেত্ৰত অসমৰ কংগ্ৰেছ নেতা ভূপেন বৰাক টাৰ্গেট কৰি সাংসদ মাৰ্ঘেৰিটাই কয়, ‘‘ ভূপেন বৰাই বৰ বৰ কথা কয়, এতিয়া কি কব ! অসমলৈ এনে ৰাজ্যসমূহৰ পৰা কিমান কিমান টকা আহে ! কেৱল ৰাহুল গান্ধী বা সেই নেতাজনে নহয়, কংগ্ৰেছৰ নেতাসকলে ৰাইজৰ আগত আঠুকাঢ়ি ক্ষমা খোজা উচিত ৷’’

লগতে পঢ়ক : পাৰিজাত নামেৰে পৰিচিত হ’ব ৰাজ্যিক চিৰিয়াখানাত জন্ম হোৱা জিৰাফৰ পোৱালীটো

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.