নীল-অভি গোচৰ : তদন্তকাৰী বিষয়াই দাখিল কৰা নথিৰ আখৰ সন্দেহজনক: দাবী বিপক্ষৰ অধিবক্তাৰ - নীল অভি হত্যাকাণ্ড
🎬 Watch Now: Feature Video

Published : November 22, 2023 at 4:36 PM IST
নগাঁও, 22 নৱেম্বৰ : পাঁচটা বছৰ সম্পূৰ্ণ কৰিলে ৰাজ্য কঁপোৱা অভি-নীল হত্যাকাণ্ডই ৷ ইতিমধ্যে শেষ পৰ্যায়ত নীল-অভিৰ ঘটনাৰ শুনানি ৷ ইতিমধ্যে সাক্ষ্যদান কৰিছে ৭১ গৰাকী সাক্ষীয়ে।
ইয়াৰ পিচতে নীল অভি হত্যাকাণ্ডৰ সাক্ষীৰ সাক্ষ্যদানৰ পিচতেই পুনৰ আপত্তি দৰ্শালে বিপক্ষৰ অধিবক্তাই। নীল অভি হত্যাকাণ্ডৰ গোচৰৰ তদন্তকাৰী বিষয়াই দাখিল কৰা নথিৰ আখৰ বিষয়াগৰাকীৰ নহয় বুলি দাবী কৰিছে বিপক্ষৰ অধিবক্তাই। এই সন্দৰ্ভত আদালতত এখন পিটিচন দাখিল কৰিছে অধিবক্তাগৰাকীয়ে ৷ এই পিটিচনৰ ওপৰত ১ ডিচেম্বৰত শুনানি হ'ব বুলি অধিবক্তাগৰাকীয়ে জানিবলৈ দিয়ে । অধিবক্তাগৰাকীয়ে কোৱা অনুসৰি, জানুৱাৰীৰ ভিতৰত বিচাৰ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ আশা আছে ৷
উল্লেখযোগ্য যে, ২০১৮ চনৰ ৮ জুন তাৰিখে কাৰ্বি আংলং জিলাৰ ডকমকাত সংঘটিত হৈছিল নীলোৎপল দাস আৰু অভিজিৎ নাথৰ গণহত্যাৰ ঘটনা । সেউজীয়া কাৰ্বিভূমিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ একাংশ পাষাণৰ হাতত প্ৰাণ হেৰুৱাইছিল গুৱাহাটীৰ দুই যুৱক নীলোৎপল দাস আৰু অভিজিৎ নাথে। যি হত্যাকাণ্ডক লৈ সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। ঘটনা সংঘটিত হোৱাৰ পিচতেই ঘটনাত জড়িত দোষীক ফাষ্ট্ৰেক আদালতৰ জৰিয়তে দৃষ্টান্তমূলক শাস্তিৰ দাবী কৰিছিল অভি-নীলৰ পৰিয়ালৰ লগতে ৰাজ্যবাসীয়ে।
লগতে পঢ়ক: Abhi Neel Mob lynching case: অভি-নীল হত্যাকাণ্ডৰ অন্তিম সাক্ষ্য গ্ৰহণ